ৰবীন্দ্ৰভৱনত আজি সন্ধিয়া ৬ বজাত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা বৰ্তমানৰ সঞ্চালক যাদৱ শইকীয়াৰ নেতৃত্বত,গুৱাহাটীৰ “দৰ্পণ ডান্স অকাডেমী” আৰু সংগীত সত্ৰৰ সহযোগত যোৱা বৰ্ষত মহাপ্ৰয়াণ ঘটা পদ্মশ্ৰী ,সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ভাৰতৰ এগৰাকী যশস্বী নৃত্যবিশাৰদ, সমালোচক কোঠাৰীৰ স্মৃতিত “মোক্ষ” শীৰ্ষক ভাৰতীয় ধ্ৰুপদী নৃত্যৰ এক অনুষ্ঠান পৰিৱেশিত হয়৷এই অনুষ্ঠানটিত নৃত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামী,অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া স্বপ্ননীল বৰুৱা,আই এ এছ বিষয়া তথা সাংস্কৃতিক ব্যক্তিত্ব মাধুৰীমা বৰুৱা,প্ৰখ্যাত মূকাভিনয় শিল্পী মইনুল হক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণৰ সঞ্চালক ড° ৰঞ্জন কাকতি,গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ মৃণালজ্যোতি ডেকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে৷এইসকল বিশিষ্ট ব্যক্তিক অনুষ্ঠানটিত সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত সুনীল কোঠাৰীৰ বিষয়ে কিছু কথাও শ্ৰদ্ধাৰে স্মৰণ কৰা হয়৷বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা ‘মোক্ষ’ শীৰ্ষক নৃত্য সন্ধিয়াটিত অৰুণাভজ্যোতি মালাকাৰৰ “খোল বাদন”,স্বনামধন্য নৃত্যশিল্পী অনিতা শৰ্মাৰ “গুৰু বন্দনাৰে সৈতে সত্ৰীয়া নৃত্য”,যশস্বী নৃত্যগুৰু বিপুল দাসৰ “কথক নৃত্য”,খ্যাতনমা নৃত্যশিল্পী তথা প্ৰৱক্তা ড° অঞ্জনাময়ী শইকীয়াৰ “ওডিচি নৃত্য” পৰিবেশনৰ লগতে গুৱাহাটীৰ সংগীত সত্ৰৰ শিল্পীসকলে ‘একলব্য’ আৰু আন এক সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে৷
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন