ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ৫০০টকা জৰিমনা

0 238

ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ৫০০টকা জৰিমনা ভৰিব লাগিব এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ। স্বাস্থ্য বিভাগে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে শীঘ্ৰে জৰিমণা ভৰিব লাগিব বুলি নিয়ম বলৱৎ কৰাৰ কথা সদৰী কৰি তেখেতে কয় যে ক’ৰণা ভাইৰাছৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কনিষ্ঠ চিকিৎসক সন্থাই লোৱা পদক্ষেপ সচাই প্ৰশংসনীয়।
 
এতিয়াও ক’ৰণা ভাইৰাছৰ সমস্যা সমুলঞ্চে নিৰ্মূল হোৱা নাই। সেয়েহে জনসাধাৰণে সজাগ সচেতন হৈ থাকিব লাগিব।  গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত কনিষ্ঠ চিকিৎসক সন্থাৰ ৰক্তদান শিবিৰ মুকলি কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়- কোকৰাঝাৰৰ যিগৰাকী ৰোগী চিনাক্ত হৈছে তেওঁ কোচবিহাৰৰ পৰা অহাৰ পিছৰে পৰা কোৱাৰেণ্টাইনত আছিল। অসমৰ বাহিৰৰ পৰা অহাসকলৰ ক্ষেত্ৰত ৰাজ্যৰ সীমাত বিশেষ ব্যৱস্থা কৰাৰ কথাও তেখেতে জনায়।
 
আনহাতে ক’ৰণাত আক্ৰান্ত দুগৰাকী ৰোগীকে আজি শিলচৰ মেডিকেল কলেজ আৰু মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। স্মৰ্তব্য যে এই কথা চ’চিয়েল মেডিয়াৰ যোগে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.