ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰক লগত লৈ ৰাজ্যখনক সৰ্বকালৰ শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ: মুখ্যমন্ত্ৰী

0 274

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি কাৰ্বিআলং জিলাৰ বোকাজানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ এটা ৩৩/১১ কে ভি উপকেন্দ্ৰ মুকলি কৰা লগতে এটা আধুনিক প্ৰেক্ষাগৃহ তথা এখন আদৰ্শ আৱাসিক বিদ্যালয় আধাশিলা স্থাপন কৰে।
 
এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য খনৰ বৰাক,ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ এনাজৰী অধিক শক্তিশালী কৰা বাবে তথা বিভিন্ন উন্নয়নমূলক কাম-কাজেৰে ৰাজ্যখনক শক্তিশালী ৰূপত গঢ় দিয়া বাবে ৰাজ্য চৰকাৰে দিনে নিশাই কাম কৰি আহিছে।ৰাজ্য খনৰ সম্পদ আৰু সম্ভাৱনাসমূহ উপযুক্ত ব্যৱহাৰে ৰাজ্য খনক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যোৱা বাবে চৰকাৰে আন্তৰিকতাৰে প্ৰয়াস অব্যাহত ৰাখিছে।
 
ৰাজ্য খনৰ পাৰ্বত্য জিলা তিনিসম পৰ্যটনৰ সমল ৰূপে থুপ খাই আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বিআলংকে ধৰি পাৰ্বত্য জিলা তিনিখন বিশ্ব পৰ্যটনৰ অন্যতম আকৰ্ষণস্থলী হিচাপে গঢ়ি তোলা বাবে ৰাজ্য চৰকাৰে আঁচনি হাতত লৈছে।
 
পাৰ্বত্য জিলা কেইখনৰ জনসাধাৰণৰ মাজত একতা ভাৱনা শক্তিশালী কৰি শান্তি আৰু দ্ৰুত উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কাৰ্বিআলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে।কাৰ্বিআলং জিলা সামগ্ৰী উন্নয়নৰ প্ৰতি থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীয়ে কয় যে কিছু নতুন উন্নয়নমূলক পদক্ষেপ হাতত লৈ তেওঁ অতি সোনকালে এই জিলা পুনৰ ভ্ৰমণ কৰিব।
আজি অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা কাৰ্বি আলং জিলাৰ ২২ গৰাকী সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত পাৰ্বত্য অঞ্চল উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙ,বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন আৰু কাৰ্বিআলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙও ভাষণ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.