ৰাজ্যত তিনিমাহৰ চাউল মজুত আছে

0 215

ৰেলৱে আৰু ভাৰতীয় খাদ্য নিগমৰ চাউলৰ ভাণ্ডাৰ দেওবাৰে পৰিদৰ্শন কৰে কামৰূপ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু জিলা পৰিবহন বিষয়া গৌতম দাসে। যোগান বিভাগ আৰু স্বাস্থ্য বিভাগক লগত লৈ জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই  চাংসাৰি স্থিত ৰেলৱে আৰু ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰ পৰীক্ষণ কৰে।
 
আনহাতে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু আয়ুক্ত সচিব ড০ কে ডিৱেদি আৰু আয়ুক্ত আদিল খান নিৰ্দেশমৰ্মে জিলা পৰিবহন বিষয়া গৌতম দাসে চাংসাৰিৰ ৰেলৱে আৰু ভাৰতীয় খাদ্য নিগমৰ গুদাম ঘৰৰ পৰা জিলাৰ লগতে সমগ্ৰ ৰাজ্যৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ খাদ্য সামগ্ৰী আৰু অন্যান্য সামগ্ৰী পৰিবহন কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ সুৰক্ষাৰে পৰিবহন কৰাৰ ক্ষেত্ৰত তদাৰক কৰাৰ লগতে কোনো ব্যাঘাত নজন্মে তাৰ বাবে ৰেলৱে কৰ্তৃপক্ষ আৰু ভাৰতীয় খাদ্য নিগমৰ বিষয়াবৰ্গৰ লগত আলোচনাৰ লগতে  সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে।
 
আনহাতে চালক সকলকো ক’ৰণা প্ৰতিৰোধৰ সম্পূৰ্ণ সুৰক্ষা মানি চলিবলৈ আহ্বান জনায়  জিলা পৰিবহন বিষয়া গৌতম দাসে।পৰিদৰ্শন কালত ট্ৰাক চালক, হেণ্ডিমেন আৰু লোডিং আনলোডিংৰ শ্ৰমিক সকলক ক’ৰণা ভাইৰাছৰ বাবে ল’ব লগা সাৱধানতাৰ বিষয়েও সজাগ কৰে পৰিবহন বিষয়া গৰাকীয়ে।
 
উল্লেখযোগ্য যে  পৰিবহন বিভাগে ক’ৰণা ভাইৰাচ প্ৰতিৰোধৰ বাবে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত পৰিবহন বিভাগে লোৱা বিভিন্ন ব্যৱস্থাৱলীৰ কথা সদৰী কৰাৰ লগতে জিলা প্ৰশাসন,আৰক্ষী প্ৰশাসন, যোগান বিভাগ, স্বাস্থ্য বিভাগৰ লগতে অন্যান্য বিভাগৰ লগ লাগি কাম কৰি যাব বুলি মতপোষন কৰে ।
 
আনহাতে চাংসাৰিৰ ৰেলৱে আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰত ৰাজ্যৰ তিনি মাহৰ চাউল মজুত থকাৰ কথা ঘোষণা জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ। আজিলৈ প্ৰায় ৪২ মেট্ৰিকটন চাউল জমা আৰু গুদাম ঘৰলৈ আৰু ভালেকেইখন চাউলভৰ্তি ৰেল আহি থকাৰ কথা ঘোষণা জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যৰ।

Leave A Reply

Your email address will not be published.