ৰাজ্যবাসীলৈ সুখবৰ -বিদেশৰ পৰা অসমলৈ অনা হৈছে অক্সিজেন উৎপাদন কৰিব পৰা জেনেৰেটৰ

0 213

দেশজুৰি ক’ৰণা মহামাৰীৰ বিভীষিকাৰ মাজতেই ৰাজ্যবাসীলৈ আহিছে সুখবৰ। ইয়াৰ সমান্তৰালভাৱে সমগ্ৰ দেশজুৰি অক্সিজেনৰ নাটনি হোৱা দেখা গৈছে। আৰু ইয়াৰ মাজতেই ৰাজ্যবাসীলৈ আহিছে এক সুখবৰ। কিয়নো ৰাজ্যলৈ আনিছে বিদেশৰ পৰা অক্সিজেন উৎপাদন কৰিব পৰা জেনেৰেটৰ।
ভাৰত চৰকাৰৰ উদ্যোগত ইংলেণ্ডৰ পৰা অসমৰ চিৰাং জিলাৰ কাজলগাঁৱৰ জে এছ বি অসামৰিক চিকিৎসালয়লৈ এই অত্যাধুনিক অক্সিজেন উৎপন্ন কৰিব পৰা যন্ত্ৰ অনা হৈছে।
জানিব পৰা মতে, যোৱা দেওবাৰে নৰ্থাৰ্ণ আয়াৰলেণ্ডৰ পৰা দিল্লীলৈ এই অক্সিজেন জেনেৰটৰটো লৈ অহা হৈছে। আজি পুৱা প্ৰায় ৭ বজাত গুৱাহাটীৰ পৰা চিৰাংজিলালৈ তিনিটাকৈ কণ্টেইনাৰ লৈ অনা হৈছে। ইয়াৰ উপৰিও ফৰেইন কমন ৱেল্থ অফ ডেভলপমেণ্ট অফিছৰ এই প্ৰকল্পৰ অধীনত ১০০০ টাকৈ ভেণ্টিলেটৰ ৰাজ্য খনলৈ প্ৰদান কৰা হৈছে।
এই সম্পৰ্কত চিদলী বিধান সভাৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক জয়ন্ত বসুমতাৰী কয় যে ক’ভিডৰ মাজতে ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা চিৰাং জিলাৰ এই জেএচবি অসামৰিক চিকিৎসালয় খনক নিৰ্বাচিত কৰাৰ কাৰণে ভাৰত চৰকাৰ তথা অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। এই দুৰ্যোগৰ সময়ছোৱাত অক্সিজেন উৎপাদনকাৰী প্লান্টটো চিৰাং জিলাত অহাৰ লগে লগে এই জিলা খনৰ লগতে বৃহত্তৰ এলেকাৰ জনসাধাৰণ বহুত উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে।জানিব পৰা মতে এই জেনেৰেটৰ পৰালপ্ৰতি মিনিটত ৫০০০ লিটাৰ অক্সিজেন উৎপন্ন হ’ব। লগতে একেলগে ৫০ গৰাকী ৰোগীক একেলগে অক্সিজেনৰ যোগান ধৰিব পাৰিব।

Leave A Reply

Your email address will not be published.