ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰিছে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 235

ৰাজ্যিক কেবিনেটে কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।সেই অনুসৰি বড়ো ভাষাক ৰাজ্যৰ আনুষ্ঠানিক সহযোগী ভাষাৰ স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। এ পি এছ চি পৰীক্ষাত বৰাকৰ প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষা বাধ্যতামূলক নহয়। বঙালী,অসমীয়া, বড়ো ভাষাত পৰীক্ষা দিব পাৰিব।
 
বিটিএডিৰ সকলো চাইন বৰ্ডত অসমীয়া বাধ্যতামূলক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সকলো ডেভেলপমেণ্ট কাউঞ্চিলৰ নুন্যতম সদস্য সংখ্যা ২৫ আৰু সৰ্বাধিক ৪৫ কৰাৰ সিদ্ধান্ত।গাঁওবুঢ়াৰ দৰমহা ৬৫০০ৰ পৰা ৯০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত।মাজুলীত দুটাকৈ ফৰেষ্ট অফিচ,বীট অফিচ ৪ টা হ’ব।৪২৮ খন বাগানৰ শিক্ষাৰ্থীক বিনামূলীয়া ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ, পোছাক দিয়া হ’ব। বাগানৰ tea plantation fund scheme ৰ জমা পইচা ১ৰ পৰা ২ লাখলৈ বঢ়োৱাৰ সিদ্ধান্ত ।আমিনগাঁৱৰ ২৩ বিঘা নেশ্যনেল ফিচাৰী ডেভেলপমেণ্টক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.