ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্তত কি আছে

0 215

ৰাজ্যিক কেবিনেটে কোভিড১৯য়ে সৃষ্টি কৰা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ঘোষণা কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
 
 
কেবিনেটৰ সিদ্ধান্ত অনুসৰি ৰাজ্যৰ গ্ৰীণ য’নত অন্তৰ্ভুক্ত হোৱা এলেকাৰ হাট বজাৰসমূহৰ বাহিৰে যিসমূহ অন্যান্য দোকান পোহাৰ আছে সেইসমূহ কাইলৈৰ পৰা খোলাৰ সিদ্ধান্ত লোৱা হৈছে।
 
 
 
আনহাতে ৰে’ড য’ন এলেকাত যিসমূহ জিলা অন্তৰ্ভুক্ত হৈ আছে সেইসমূহ এলেকাত আগৰ দৰেই লকডাউনৰ প্ৰক্ৰিয়া কঠোৰভাৱে বলৱৎ হৈ থাকিব।
 
 
ৰাজ্যৰ ৰেড য’নৰ অন্তৰ্গত জিলাসমূহৰ সীমাৰ পৰা ৫কিলোমিটাৰৰ ব্যাসাৰ্দ্ধলৈকে গ্ৰীণ য’নত অন্তৰ্গত জিলাসমূহৰ এলেকাৰ দোকান পোহাৰ সমূহ আগৰ দৰেই বন্ধ থাকিব। 
 
 
 
লকডাউনত ৰাজ্যৰ মাজতেই আৱদ্ধ হৈ থকা যাত্ৰীসকলৰ বাবে আন্তঃজিলা পৰিবহণৰ সময়সীমা ২মে’ লৈকে বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
 
 
 
আনহাতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰাৰ মতে কোভিড১৯ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈও নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি মানৱ সেৱাৰ কামত দৃঢ়তাৰে আত্মনিয়োগ কৰা ৰাজ্যৰ সাংবাদিকসকললৈ ৫০লাখ টকাৰ জীৱন বীমা প্ৰদান কৰিব।

Leave A Reply

Your email address will not be published.