ৰাজ্যৰ অৰ্থনীতিক পুনৰ উজ্জীৱিত কৰাৰ বাবে অৰ্থনীতিবিদে দাখিল কৰিল প্ৰতিবেদন

0 247

ৰাজ্যৰ অৰ্থনীতিক পুনৰ উজ্জীৱিত কৰাৰ বাবে আঠজনীয়া কমিটীয়ে আজি প্ৰতিবেদন দাখিল কৰে। অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সুভাস চন্দ্ৰ দাসৰ নেতৃত্বত কমিটীখনৰ সদস্য আছিল ড° কে এম বুজৰবৰুৱা, ড° মাধুৰ্য বেজবৰুৱা, ড° জয়দীপ বৰুৱা, ড° অমিয় শৰ্মা, গৌতম গোস্বামী, কৃষ্ণকান্ত বৰা। প্ৰসংগক্ৰমে উল্লেখ্য যে ক’ৰণা ভাইৰাছৰ ফলস্বৰূপে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো লকডাউন ঘোষণা কৰিছিল। এই লকডাউনৰ ফলত ৰাজ্যৰ অৰ্থনীতি ব্যাপক হাৰত অৱনতি ঘটে। 
 
 
যাৰ ফলস্বৰূপে ৰাজ্যৰ অৰ্থনৈতিক মন্দাৱস্থা দূৰ কৰিবলৈ অৰ্থনীতিবিদ সকলৰ পৰা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰামৰ্শ বিচাৰিছিল। অৱশেষত পৰামৰ্শদাতা কমিটীয়ে আজি প্ৰতিবেদন দাখিল কৰে। আজি দাখিল কৰা প্ৰতিবেদনৰ সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে কমিটীয়ে দাখিল কৰা প্ৰতিবেদন আমি কাৰ্যকৰী কৰিম। প্ৰতিবেদনত কৃষি, ক্ষুদ্ৰ, মজলীয়া উদ্যোগক গুৰুত্ব আৰোপ কৰা হৈছে।
 
 
অৱশ্যে কমিটীৰ পৰামৰ্শ অধ্যয়ন কৰি তাক কাৰ্যকৰী কৰাৰ বাবে তিনিজনীয়া মন্ত্ৰীৰ কমিটি গঠন কৰা কথাও উল্লেখ কৰে। এই তিনিজনীয়া কমিটীত আছে ড° হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰা। মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনত প্ৰতিবেদন দাখিল কৰা সময়ত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে মুখ্য সচিব সঞ্জয় কৃষ্ণ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.