ৰাজ্যৰ বিশিষ্ট ব্যক্তিৰ সৈতে ফোন যোগে বাৰ্তালাপ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 241

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰাক ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশিষ্ট ব্যক্তিসকলৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰিও সাম্প্ৰতিক দুঃসময়ত তেওঁলোকৰ মনোবল অটুট ৰখাৰ দিশত প্ৰেৰণা যোগায়।
আজি টেলিফোনযোগে মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত  উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিসকল ক্ৰমে হোমেন বৰগোহাঞি, ড° নগেন শইকীয়া, ৰংবং তেৰাং আৰু ইমৰাণ শ্বাহ, বড়ো সাহিত্য সভাৰ সম্পাদক কমলাকান্ত মুছাহাৰী, বিশিষ্ট সাংবাদিক ধীৰেণ চক্ৰৱৰ্তী, নিত্য বৰা, প্ৰফুল্ল গোবিন্দ বৰুৱা, হাইদৰ হুছেইন, বিশিষ্ট সাহিত্যিক অৰুণ গোস্বামী, পদ্মশ্ৰী এলি আহমেদ, বন্দিতা ফুকন, দেৱীপ্ৰসাদ বাগদিয়া, গীতা উপাধ্যায়, প্ৰহ্লাদ তাছা, আত্মাৰাম কুমাৰ, ৰঞ্জিত নাৰায়ণ ডেকা, ড° অমৰজ্যোতি চৌধুৰী, অধ্যাপক মৃণাল মিৰি, ভৱ প্ৰসাদ চলিহা, ড° উপেন ৰাভা হাকাছাম, প্ৰাক্তন বিধায়ক পদ্মশ্ৰী অজয় দত্ত, বিশিষ্ট ব্যক্তিসকল ক্ৰমে পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকন, বিশিষ্ট পদাৰ্থ বিজ্ঞানী ড° জয়ন্তী চুতীয়া, প্ৰকৃতিবিদ পদ্মশ্ৰী যাদৱ পায়েং, সুভেন্দু শেখৰ দত্ত, ড° গিৰিধাৰী কৰ, ড° অজিত ভট্টাচাৰ্য, আতিন দাস, সঞ্জীৱ দেৱ লস্কৰ, ড° শান্তি সিংহ, দুলাল মিত্ৰ, জালান বৰণ দেৱ লস্কৰ, ড° সৃষ্টিধৰ দত্ত, শ্ৰীকুমাৰ দহোটীয়া, চন্দ সেনাপতি, হবিবুৰ ৰহমান চৌধুৰী, ৰাধিকা ৰঞ্জন চক্ৰৱৰ্তী, বসন্ত ডেকা, অৱনী ভাগৱতী, কমল নয়ন চৌধুৰী, নিলয় দত্ত, কমল আগৰৱালা, গৌতম উজীৰ, অনিল কুমাৰ ভট্টাচাৰ্য, প্ৰণৱ পাঠক, তৰেণ বড়ো, আব্দুল খয়েৰ মৌলানা, নিতিশ ভট্টাচাৰ্য আৰু বাৰ এছ’ছিয়েশ্যনৰ সভাপতি সুৰেন শৰ্মা।

Leave A Reply

Your email address will not be published.