ৰাজ্যৰ শিক্ষা বিভাগৰ সম্পৰ্কে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে

0 169

সাম্প্ৰতিক সময়ত ক’ভিড১৯ৰ বাবে পৰিস্থিতি পূৰ্বতকৈ সলনি হৈছে সেয়েহে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে শিক্ষাখণ্ডৰ কাৰণে কেতবোৰ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহানগৰীৰ দিছপুৰস্থিত জনতা ভৱনত এখন সংবাদমেলৰ সম্বোধন কৰি সকলোবোৰ কথা অৱগত কৰে।
 
এইবাৰৰ শিক্ষাবৰ্ষৰ নামভৰ্তি ৰাজ্যৰ প্ৰাদেশীকৃত তথা অপ্ৰাদেশীকৃত সকলোধৰণৰ শিক্ষানুষ্ঠানতে বিনামূলীয়া কৰা হ’ব। সকলো শিক্ষাৰ্থীৰ কাৰণেই বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদিহে কোনো শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই পিছত ঘুৰাই দিম বুলি কৈ মাচুল সংগ্ৰহ কৰে তেতিয়াহ’লে উক্ত শিক্ষানুষ্ঠানৰ বিৰূদ্ধে আইনগতভাৱে ব্যৱস্থা লোৱা হ’ব।
এই সুবিধা উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰলৈকে প্ৰদান কৰা হৈছে। কৃষি, চিকিৎসা, পলিটেকনিক, বিশ্ববিদ্যালয় পৰ্যায়লৈকে এই নিয়ম ৰাজ্যৰ সকলোবোৰ শিক্ষানুষ্ঠানতে প্ৰযোজ্য হ’ব। সমান্তৰালভাৱে হোষ্টেলত থাকিবলৈ যিসকলে এডমিছন লয় তেওঁলোকক পূৰ্বৰ ৬০০ টকাৰ বিপৰীতে এইবাৰ ১০০০টকাৰ চৰকাৰে মেছ ফিজ দিয়াৰ কথা ঘোষণা কৰে। উল্লেখযোগ্য যে শিক্ষাৰ্থী সকলে  কিতাপ পত্ৰ ক্ৰয় কৰাৰ কাৰণেও লাভ কৰিব এহেজাৰকৈ টকা।
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীকে পূৰ্বৰ কম্পিউটাৰৰ সলনি দিয়া হ’ব নগদ ২০ হেজাৰ টকা। শিক্ষাৰ্থী সকলে বেংক একাউণ্টৰ জৰিয়তে ৩০আগষ্টৰ ভিতৰত বেংক একাউন্টযোগে ২০ হেজাৰ টকা লাভ কৰিব। ৰাজ্যৰ যিসমূহ শিক্ষকে টেট আৰু সৰ্বাশিক্ষা অভিযানৰ অধীনত কৰ্তব্য পালন কৰি আছে সেইসকল সম্পূৰ্ণ ৬০বছৰলৈকে শিক্ষাদান কাৰ্যত ব্ৰত হৈ থাকিব পাৰিব। সম্পূৰ্ণ ৬০বছৰলৈকে শিক্ষাদানত ব্ৰতী হৈ থাকিব পাৰিব ৰাজ্যৰ ২৯হেজাৰ ৭০১গৰাকী টেট শিক্ষক। এইসকল শিক্ষকে বৰ্দ্ধিত হাৰত ডিএ লাভ কৰিব।
 
আনহাতে ৰাজ্যৰ ১১হেজাৰ ২০৬গৰাকী ষ্টেট পুল শিক্ষকৰ লগতে ২০১০চনত নিযুক্তি পোৱা শিক্ষকসকলেও এই সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে ৫হেজাৰ ২৪৩গৰাকী হাইস্কুল শিক্ষকৰ বাবেও এই সুবিধা ঘোষণা কৰিছে শিক্ষা বিভাগে। আনহাতে তেওলোকৰ ৬০ বছৰ হোৱালৈকে বাহাল থাকিব চাকৰি লগতে লাভ কৰিব পি এফ।
লকডাউনৰ এই সময়ছোৱাত চৰকাৰে দুখনকৈ আইন গৃহীত কৰিছে বুলিও কয় শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমখন হ’ল- এখন জিলাত এগৰাকী শিক্ষকে বাৰ বছৰ সেৱা আগবঢ়োৱাৰ পিছতহে ট্ৰান্সফাৰ ল’ব পাৰিব।দ্বিতীয়খন হ’ল প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলোধৰণৰ মাধ্যমৰ বিদ্যালয়তে অসমীয়া বিষয় শিকোৱাটো বাধ্যতামূলক। বৰাকত বঙালী আৰু বড়োলেণ্ডত বড়ো ভাষা থকাটো বাধ্যতামূলক বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মেলৰ যোগে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.