ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনাত কি আছে

0 221

সম্প্ৰতি সময়ত ক’ৰণা ভাইৰাছৰ বাবে স্তব্ধ হৈ পৰিছে সমগ্ৰ বিশ্বৰে জনজীৱন। কৰ্মৰ তাগিদাত বৰ্তমান সময়ত একাংশ লোকে বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে ক’ৰণা ভাইৰাছৰ প্ৰবল গতি ৰোধ কৰিবলৈ ২১ দিনীয়া লক ডাউন ঘোষণা কৰিছিল। যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও একাংশ লোক বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা পৰিলক্ষিত হৈছে।
 
 
 
 
উল্লেখ্য যে অসমৰ বাহিৰত অৰ্থাৎ বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ কাৰণে ৰাজ্য চৰকাৰে আগবঢ়াইছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰে দিয়া নিৰ্দেশনাত কোৱা হৈছে যে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলে অসমলৈ আহিব লাগিলে  তেওঁলোকৰ সমগ্ৰ তথ্য পঞ্জীয়ন কৰিব লাগিব।
 
 
পঞ্জীয়ন কৰিবলগীয়া ৱেবছাইট অচিৰেই মুকলি কৰি দিয়া হ’ব বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে সংবাদ মেলত ব্যক্ত কৰে । ইতিমধ্যে শেহতীয়াভাৱে ৰাজ্যত ক’ৰণা ভাইৰাছত আক্ৰান্তৰ  সংখ্যা অতিমাত্ৰা বৃদ্ধি হোৱা বাবে ৰাজ্য চৰকাৰে এনেধৰণৰ পদক্ষেপ লোৱা বুলি জানিব পৰা গৈছে।
 
 
যাতে একেলগে সকলো মানুহে অসমত প্ৰৱেশ কৰিব নোৱাৰে। উল্লেখযোগ্য যে এই পঞ্জীয়ন প্ৰক্ৰিয়াৰ জৰিয়তে বহিঃৰাজ্যত থকা লোকসকল অসমলৈ পৰ্য্যায়ক্ৰমে আহিব পাৰিব।
বহিঃৰাজ্যৰ পৰা অসমলৈ ঘুৰি আহিব লগীয়া সকলোখিনিকে কোৱাৰেণ্টাইন কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে।
 
 
অসম তথা অসমীয়াৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ কাৰণে ৰাজ্য চৰকাৰে এনেধৰণৰ পদক্ষেপ হাতত লোৱা বুলি মন্তব্য কৰি কয় যে অসমলৈ ঘুৰি আহিবলগীয়া সকলো মানুহৰে পঞ্জীয়ন কৰা হ’ব আৰু তেওঁলোকে আহোতে লগত একোখনকৈ পাৰ্মিট আনিব লাগিব আৰু সেইখন পাৰ্মিট লোৱাটো প্ৰয়োজনীয় বুলি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.