ৰাণীত চি আৰ পিএফৰ চিভিক একশ্বন কাৰ্যসূচী ৰূপায়ণ

0 239

ৰাণীত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ চিভিক একশ্বন কাৰ্যসূচী জৰিয়তে আজি নালাপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰ্মাণ কৰিলে চাইকেল আস্থান, পুনঃনিৰ্মান কৰিলে কাৰ্যালয় গৃহ। সততে দেশসেৱাত বৰ্তি থকা কেন্দ্ৰীয় আৰক্ষী বাহিনী চমুকৈ চি.আৰ.পি.এফ জোৱানসকলে বহু সময়ত দুৰ্গত পৰিয়াল তথা সমাজৰ হকে কাম কৰি অহা পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ গাতে লাগি থকা বৃহত্তৰ ৰাণীস্থিত ১৭৫ নং চি. আৰ.পি.এফ বেটেলিয়ানে অনগ্ৰসৰ অঞ্চলটোৰ উন্নয়নমুলক কাম-কাজৰ সৈতে জড়িত হৈ আহিছে। ইয়াৰে অংশ হিচাপে আজি অসম-মেঘালয় সীমান্তৱৰ্তী নালাপাৰা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদৰ এটি চাইকেল আস্থান আৰু শিক্ষক কাৰ্যালয়ৰ পুনঃনিৰ্মানকাৰ্য বেটেলিয়াটোৰ কামাণ্ডেন অফিচাৰ সুভাষ চন্দ্ৰ শৰ্মায়ে শুভাৰম্ভণী কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দেৱেন চন্দ্ৰ দাস, পৰিচালনা সমিতিৰ উপ-সভাপতি কমলা ৰাভা আৰু বিশিষ্টসকল উপস্থিতি থাকি চি.আৰ.পি. এফৰ এনে মহান কাৰ্যসূচী ৰূপায়ণ কৰা বাবে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.