ৰাণীৰ ব্যৱসায়ী সন্থাৰ ব্যতিক্ৰমী প্ৰচেষ্টা

0 237

সম্প্ৰতি দেশৰ লগতে ৰাজ্যতো এক বিভীষিকাময় পৰিস্থিতিয়ে ৰাজ্যবাসীক জৰুলা কৰিছে। এফালে বিশ্বব্যাপি ক’ৰণা ভাইৰাচৰ সন্ত্ৰাস আনফালে ৰাজ্যৰ চৌদিশে বানাক্ৰান্তৰ কৰুণ দৃশ্যৰ লগতে বানপানীৰ বাবে বহুকেইখন অভয়াৰণ্যৰ বন্যপ্ৰাণী তীব্ৰ খাদ্য সংকটত ভুগিছে।
 
 
 
ৰাজ্যৰ প্ৰথমটো প্ৰলয়ংকাৰী বানত অন্য অভয়াৰণ্যৰ লগতে পবিতৰা অভয়াৰণ্যৰ বন্যজন্তুয়ে এতিয়া নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ পৰিস্থিতি কৰি ফুৰাৰ সমান্তৰালভাৱে খাদ্যৰ সন্ধানত বিশ্ববিখ্যাত অসম গৌৰৱ এশিঙীয়া গড়ৰ লগতে অন্য জীৱজন্তু তীব্ৰ খাদ্য সংকটত ভুগিছে।
 
 
 
এই বন্যজীৱজন্তু সমুহক খাদ্য যোগানৰ বাবে এইবাৰ ওলাই আহিল একাংশ হৃদয়ৱান ব্যক্তি। গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী বৃহত্তৰ ৰাণী জিৰাং ব্যৱসায়ী সন্থাই ল’লে এই ব্যতিক্ৰমী পদক্ষেপ।স্থানীয় বন বিষয়া মনোৰঞ্জন বৰ্মন আৰু ৰাণী আৰক্ষী চকীৰ আৰক্ষী বিষয়া বিক্ৰম বসুমতাৰীৰ সহযোগত এইসকল ব্যৱসায়ীয়ে চাৰিখন ডাম্পাৰেৰে বন্য জীৱজন্তুৰ বাবে ঘাঁহ বন আদি পবিতৰা অভয়াৰণ্যলৈ লৈ যায়।
 
 
 
ব্যৱসায়ী অনিল গোস্বামী, মনোৰঞ্জন দাস, সুভাষ দাস, অভিজিৎ গোস্বামী, পুলিন দাসৰ লগতে বহুকেইজন ব্যৱসায়ীৰ উপস্থিতিত ৰাণীৰ পৰা পবিতৰা অভয়াৰণ্যলৈ এই খাদ্যসমুহ লৈ যায়।পৰৱৰ্তী সময়ছোৱাত বান পৰিস্থিতি যদি অব্যাহত থাকে তেতিয়াহলে কাজিৰঙা অভয়াৰণ্যলৈ এনেদৰে জীৱ জন্তুৰ বাবে ঘাঁহ বন লৈ যোৱাৰ ব্যৱস্থা কৰিব বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে।
 
 
এনে আদৰণীয় পদক্ষেপক প্ৰকৃতি প্ৰেমী ৰাইজে প্ৰশংসা কৰিছে। উল্লেখ্য যে বিগত সময়ছোৱাত এই ব্যৱসায়ী সন্থাটোৱে বিভিন্ন প্ৰান্তত বহু দুখীয়া নিৰীহ লোকক সহায়ৰ হাত আগবঢ়াই অহাৰ উপৰিও লক ডাউনৰ সময়ছোৱাত বৃহত্তৰ ৰাণী অঞ্চলটোৰ প্ৰায় দুই হেজাৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰিছিল।

Leave A Reply

Your email address will not be published.