ৰাফেলৰ বেজ ডিজাইন কৰি চৰ্চালৈ আহিছে এগৰাকী অসম সন্তান

0 264

সম্প্ৰতি সংবাদৰ শীৰ্ষত আছে ৰাফেলৰ যুদ্ধ বিমান। এই বিমানৰ বেজ ডিজাইনৰ লগত জড়িত হৈ আছে এগৰাকী অসম সন্তান। অসমৰ চিৰাঙৰ বাসুগাঁৱৰ সৌৰভ চোৰাডিয়া নামৰ যুৱক জনে ৰাফেল যুদ্ধ বিমানৰচ বেজ ডিজাইন কৰিছে।
 
 
 
সৰুৰে পৰা আকাশত প্লেন দেখিলে ল’ৰা জনে জানিবলৈ আগ্ৰহী হৈ পৰিছিল । পাইলট হোৱাৰো তেওঁৰ এটা সপোন আছিল।কিন্তু সময়ৰ পাক চক্ৰত পৰি সৌৰভে 3D ডিজাইনাৰ হিচাপে আত্মপ্ৰতিষ্ঠা লাভ কৰে ।
 
 
আজি পৰা কিছু দিনৰ আগলৈকে তেওঁ কৰ্মসূত্ৰে দিল্লীত আছিল। লকডাউনৰ বাবে বৰ্তমান তেওঁ স্বগৃহত আছে । তাৰ মাজতে ৰাফেলৰ বিমান সম্পৰ্কত আহি পৰা খবৰে সৌৰভক আনন্দিত কৰি তুলিছে।
 
 
উল্লেখযোগ্য যে ইয়াৰ আগতেও সৌৰভে ভাৰতীয় বায়ু সেনাৰ যুদ্ধ বিমানৰ বেজ ডিজাইন কৰিছে। সৌৰভ দেউতাক  মনোজ চোৰাডিয়া বাসুগাঁৱৰ চহৰৰ এগৰাকী কাপোৰৰ ব্যৱসায়ী । সৌৰভ চোৰাডিয়া এই সাফল্যই গৃহভূমিত আনন্দৰ  জোৱাৰ তুলিছে।

Leave A Reply

Your email address will not be published.