ৰাভা দিৱস উদযাপন

0 421

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ মাটাইখাৰ অঞ্চলৰ মাটাইখাৰ আঞ্চলিক বিষ্ণুজ্যোতি পুথিভড়াল চৌহদত আজি ৰাভা দিৱস পালন কৰা হয়। অনুষ্ঠানত সামাজিক দুৰত্ব বজাই ৰখাৰ লগতে স্বাস্থ্যবিধিৰ নীতি নিয়ম মানি চলি ক’ভিড১৯ৰ পৰিপ্ৰেক্ষিতত এক সীমিত পৰিসৰত ৰাভা দিৱস পালন কৰা হয়।
 
 
পুৱা পতাকা উত্তোলনেৰে বিষ্ণু ৰাভা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পুথিভড়ালৰ সভাপতি মিঠুন ৰাভাই আৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিছবিত মাল্যাৰ্পণ কৰে সম্পাদক শশীকান্ত ৰাভাই।
 
আনহাতে এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত পুথিভড়ালৰ উপদেষ্টা তথা বিশিষ্ট কবি চাৰ্জেণ্ট ৰাভা মেঘো, ৰংমন টুৰিজিম চ’চাইটিৰ উপ সভাপতি ধ্ৰুৱজ্যোতি দলৈ, বৰদুৱাৰ ভোলাগাও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উপ সভাপতি কমলেশ্বৰ ৰাভাকে ধৰি কেবাজনেও ভাষণ প্ৰসংগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ সংস্কৃতিৰ জগত খনলৈ আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। অনুষ্ঠানত কেবাজনো স্থানীয় শিল্পীয়ে বিষ্ণু ৰাভাৰ গীত পৰিৱেশন কৰে।

Leave A Reply

Your email address will not be published.