ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশগ্ৰহণ কৰিব বোকাখাতৰ শুভাংকৰে

0 186

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ইতিহাসত অসম তথা উত্তৰ পূৰ্বাঞ্চলক সৰ্বপ্ৰথমবাৰৰ বাবে আৰু ভাৰতবৰ্ষক দ্বিতীয়বাৰৰ বাবে প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিব বোকাখাতৰ সুযোগ্য সন্তান শুভাংকৰ দেয়ে। পিতৃ বিমান চন্দ্ৰ দে আৰু মাতৃ পিউলী দেৰ একমাত্ৰ সন্তান ১৯ বছৰীয়া যুৱক শুভাংকৰৰ ঘৰ বোকাখাতৰ ম’হমাইকী গাঁৱত ৷ অহা ১২ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ভাৰ্চুৱেলী দাঙি ধৰিব শুভাংকৰে৷
ক’ভিড মহামাৰীৰ বাবে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰ্চুৱেলী অংশ গ্ৰহণ কৰিব বোকাখাতৰ শুভাংকৰে ৷ ১২০ খন দেশৰ ভাৰ্চুৱেল অংশ গ্ৰহণেৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অসম তথা বোকাখাতৰ সন্তান শুভাংকৰে শিক্ষা, সাহিত্য, সংস্কৃতি, অৰ্থনৈতিক, ভৌগোলিক, সন্ত্ৰাসবাদকে আদি কৰি কেইবাটাও বিষয় দাঙি ধৰাৰ প্ৰয়াস কৰিব ৷ প্ৰায় এহেজাৰ পৰীক্ষাৰ্থীৰ ভিতৰত এটা লিখিত আৰু দুটা মৌখিক পৰীক্ষাৰ অন্তত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত অংশ লোৱাৰ বাবে নিৰ্বাচিত হয় শুভাংকৰ দে ৷উল্লেখ্য যে শৈশৱত ব্ৰেইন টিউমাৰৰ দৰে দুৰাৰোগ্য ৰোগত আক্ৰান্ত শুভাংকৰৰ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হোৱাৰ পাছত চাৰিটাকৈ বছৰ ভুগিও ভাগৰি পৰা নাছিল শুভাংকৰ। অদম্য ইচ্ছা শক্তিৰে শাৰিৰীক প্ৰতিকুলতাকো নেওচি একাগ্ৰতা, মনোবল আৰু সাধনাৰ জড়িয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ এটা সৰু অঞ্চলৰ পৰা জিলিকি উঠিল এইগৰাকী ১৯ বছৰীয়া যুৱক। অৰুণাচল প্ৰদেশৰ পাচিঘাটত শিক্ষাৰ পাতনি মেলি নিৰজুলি বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখা (চি বি এচ ই)ত শুভাংকৰে ৰাজ্যখনৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰ্চুৱেলী অংশ ললেও ক’ভিড মহামাৰীৰ প্ৰকোপ কমিলে ৰাষ্ট্ৰসংঘলৈ যোৱাৰ সুবিধা লাভ কৰিব বুলি জনালে শুভাংকৰ দেই ৷ বোকাখাত ম’হমাইকী গাঁৱৰ বিমান চন্দ্ৰ দে আৰু পিউলী দেৰ একমাত্ৰ সন্তান শুভাংকৰ দেই গুৱাহাটী কমাৰ্চ কলেজৰ দ্বিতীয় ষন্মাষিকত অধ্যয়ণ কৰি থকাৰ লগতে চি,এ পাঠ্যক্ৰমতো অধ্যয়ন কৰি আছে শুভাংকৰে৷কৰ্মসূত্ৰে পিতৃ বিমান চন্দ্ৰ দে অৰুণাচলৰ ইটানগৰত আছে।পুত্ৰৰ সাফল্যত পিতৃ আৰু মাতৃ পিউলী দেই সন্তোষ প্ৰকাশ কৰে৷

Leave A Reply

Your email address will not be published.