ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ শেষকৃত্য

0 224

আজি পুৱা ৬.৫৮ মিনিটত জিএনআৰচি হস্পিতালত দেহাৱসান হয় বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিৰ। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৮ বছৰ। উল্লেখযোগ্য যে কিছু দিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছিল যদিও পুনৰ অসুস্থ হোৱাৰ বাবে জিএনআৰচিত এডমিট কৰায়। তেখেতৰ মৃত্যু ৰাজ্যত গভীৰ শোকৰ ছাঁ পৰিছে। এক শোক বাৰ্তাত অসম সাহিত্য সভাৰ পৰা জনায় যে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি দেৱৰ বিয়োগত অসম সাহিত্য সভাই তেখেতৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। সভাৰ কেন্দ্ৰীয়, আঞ্চলিক, জিলা তথা শাখাৰ কাৰ্যালয় সমূহত তিনিদিনলৈ সভাৰ পতাকা অৰ্ধনমিত কৰি মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব । ইয়াৰ উপৰিও দিছপুৰ প্ৰেছ ক্লাবে বিশিষ্ট সাহিত্যিক – সাংবাদিক/সম্পাদক হোমেন বৰগোহাঞিৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে । এক বিবৃতিত প্ৰেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা , কাৰ্যকৰী সভাপতি পংকজ ডেকা , সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে কয় যে – হোমেন বৰগোহাঞিৰ মৃত্যুত অসমীয়া সাহিত্য আৰু সাংবাদিকতা ক্ষেত্ৰখনত এটা যুগৰ অৱসান ঘটিল । বৰেণ্য সাহিত্যিক গৰাকীৰ দেহাৱসানে অসমীয়া সাহিত্যত এটি বৃহৎ শূন্যতাৰ সৃষ্টি কৰিব ।দিছপুৰ প্ৰেছ ক্লাবে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ।
আনহাতে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে। সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা· ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে ৷বৰগোহাঞিদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি পুনৰ কামনা কৰিছে।

Leave A Reply

Your email address will not be published.