ৰাষ্ট্ৰীয় কাৰাটেত অসম দল শ্ৰেষ্ঠ

0 234

ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ১ ৰ পৰা ২ নৱেম্বৰত অল ইণ্ডিয়া জেণ্ডকাই কাৰাটে এচছিয়েচনৰ উদ্যোগত অনুষ্ঠিত হোৱা ৪ৰ্থ (চতুৰ্থ) ৰাষ্ট্ৰীয় জেণ্ডকাই কাৰাটে চেম্পিয়নশ্বিপ ২০২১ প্ৰতিযোগিতাত অসম দলে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমৰ ১৫ জনীয়া দলটোৱে ৬ টা সোণৰ, ৮ টা ৰূপৰ আৰু ১ টা ব্ৰঞ্জৰ পদক লাভেৰে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে।
দুদিনীয়কৈ অনুস্থিত এই প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১৭ খন ৰাজ্যৰ খেলুৱৈ অংশগ্ৰহণ কৰে। কাৰাটে প্ৰশিক্ষক মনোজিত সিংহৰ নেতৃত্বত অসমৰ ১৫ জনীয়া খেলুৱৈৰ এটা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহন কৰিছিল। প্ৰতিযোগিতাত
ঋত্বিক দাস, শুভঙ্কৰ ভদ্ৰ, উমানন্দ কাপৰি , ইশিকা ঘোষ, মৈত্ৰী ভৌমিক, ঋষিকা দেৱে সোণৰ পদক। অঙ্কিতা দাস, মিনাক্ষী সিংহ, ৰাজবিৰ সিংহ, পৱন দাস, শ্ৰদ্ধা ভৌমিক, সুস্মিতা সাহানি, আয়ুস সিংহ, সুভজিত ভদ্ৰই ৰূপৰ পদক আৰু প্ৰাপ্তি ৰয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

Leave A Reply

Your email address will not be published.