ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ এক অৱলোকন

0 350

আজি ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস। প্ৰতিবছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন হয়।এই দিৱস  বিখ্যাত হকীবিদ ধ্যান চান্দৰ জন্মজয়ন্তী লগত সংগতি ৰাখি উদযাপন কৰা হয়।
 
 
আজি ১১৫ তম ধ্যানচান্দৰ জন্মজয়ন্তী । ১৯০৫ চনৰ আজি দিনটোতে ধ্যানচান্দে উত্তৰপ্ৰদেশৰ এলাহবাদৰ ৰাজপুটত জন্ম গ্ৰহণ কৰিছিল।খেলৰ জৰিয়তে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা ধ্যানচান্দে খেলৰত্ন,অৰ্জুন বঁটা দ্ৰোণচাৰ্য্যকে আদি কৰি বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
 
 
 
আজি এই দিৱসৰ উপলক্ষ্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰ যোগে এনেদৰে মন্তব্য কৰে- কেন্দ্ৰীয় চৰকাৰে খেলক জনপ্ৰিয় কৰিবলৈ আৰু খেলৰ প্ৰতিভাক সমৰ্থন কৰিবলৈ বিভিন্ন পদক্ষেপ হাতত লৈছে। কিয়নো খেলৰ জৰিয়তে আনন্দ পোৱাৰ লগতে আৰু সুস্বাস্থ্যও অটুট থাকে।
 
 
 
 
অসমতো ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত সুনাম অর্জন কৰিবলৈ সক্ষম হৈছে।ইয়াৰ ভিতৰত হিমা দাস,শিৱ থাপা, লাভলীনা বৰগোহাঁই অন্যতম।অসম চৰকাৰো অসমক ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ উদ্যোগ লৈছে। তাৰ ফলস্বৰূপে অসমত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেল সমূহ অনুষ্ঠিত হৈছে। এই বিশেষ দিনটোত ক্ৰীড়া সংগঠক,সচিব লক্ষ্য কোঁৱৰে চ’চিয়েল মেডিয়াৰ জৰিয়তে সমূহ ক্ৰীড়াবিদক শুভেচ্ছামূলক মন্তব্য প্ৰদান কৰিছে।

Leave A Reply

Your email address will not be published.