ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত সন্মান লাভ কৰিলে লিজাই

0 211

সত্ৰীয়া নৃত্যৰ জৰিয়তে যোৰহাট জিলাৰ টীয়কলৈ গৌৱৰ কঢ়িয়াই অনিবলৈ সক্ষম হৈছে এগৰাকী প্ৰতিভাৱান ছাত্ৰীয়ে৷টীয়কৰ লাহিং মাজকুৰি অঞ্চলৰ দেৱেশ্বৰ বৰুৱা আৰু গীতাশ্ৰী বৰুৱাৰ কন্যা লিজাই সত্ৰীয়া নৃত্যৰ উপৰিও সৰুৰে পৰা আধুনিক নৃত্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিও প্ৰায় দুই শতাধিক বঁটা লাভ কৰি অঞ্চলটোলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷
 
 
টীয়ক জাতীয় বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী লিজাই ইতিমধ্যে বিগত বৰ্ষত উৰিষ্যাত আয়োজিত “গ্লৱেল থিয়েটাৰ উৎসৱ-২০১৯” ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী খিতাপ লাভ কৰি নৃত্য ময়ূৰী সন্মান লাভ কৰিবলৈও সক্ষম হৈছিল৷তপন বৰা আৰু পৰমানন্দ শইকীয়াৰ ওচৰত নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে যোৰহাটৰ বিভিন্ন নৃত্য কৰ্মশালাত অংশ লোৱা লিজাই শেহতীয়াকৈ যোৱা মাহত “সংস্কৃতি সংগম” নামৰ গুৱাহাটীস্থিত এটি সাংস্কৃতিক অনুষ্ঠানে অনলাইন যোগে আয়োজন কৰা দ্বিতীয় পৰ্যায়ৰ আন্তঃৰাষ্ট্ৰীয় আৰু ষষ্ঠ পৰ্যায়ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ সত্ৰীয়া নৃত্য শাখাত প্ৰথম স্থান অধিকাৰ কৰাৰ লগতে নৃত্যশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷লিজাৰ এই সফলতাত পিতৃ-মাতৃ,আত্মীয়ৰ লগতে অঞ্চলবাসী উৎফুল্লিত হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.