ৰাষ্ট্ৰীয় বঁটাৰে জিলিকি উঠিল অসমৰ মীন পালক

0 248

নতুন দিল্লীত ভাৰত চৰকাৰৰ মীন বিভাগৰ দ্বাৰা আয়োজিত বিশ্ব মীন দিৱসৰ দিনা ৰাষ্ট্ৰীয় বঁটাৰে পুনৰ জিলিকি উঠিল অসমৰ বিশিষ্ট মীন পালক তথা মীন উদ্যোগী অমল মেধি ৷ নতুন দিল্লীৰ পুষাস্থিত ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান কমপ্লেক্সতত ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ পালন মন্ত্ৰালয়ৰ অধীনৰ মীন বিভাগে আজি আয়োজন কৰা বিশ্ব মীন দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত পাৰ্বত্য এলেকা আৰু উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ মীন পালক হিচাপে নলবাৰী জিলাৰ সন্ধা গাঁৱৰ আদৰ্শ মীন পালক তথা মীন উদ্যোগী অমল মেধিক এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰে ভাৰত চৰকাৰৰ মীন বিভাগৰ ৰাজ্য মন্ত্ৰী প্ৰতাপ চন্দ্ৰ চাৰেংগীয়ে ৷
 
 
মীন মন্ত্ৰী গৰাকীয়ে অমল মেধিক উৎকৰ্ষতাৰ প্ৰশংসা পত্ৰ, এটি ট্ৰফী আৰু এক লাখ টকাৰ চেক এখন প্ৰদান কৰে ৷ উল্লেখযোগ্য যে মীন পালনৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা সামগ্ৰিক পাৰদৰ্শিতাৰ বাবে অসম আৰু পাৰদৰ্শী জিলা হিচাপে নগাঁও জিলালৈয়ো শ্ৰেষ্ঠতাৰ বঁটা প্ৰদান কৰে৷
 
স্বাভাবিকতেই অসমত নীল বিপ্লৱ সূচনা কৰা অন্যতম মীন উদ্যোগী তথা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত দিশহাৰা হোৱা যুৱক যুৱতী সকললৈ পথ প্ৰদৰ্শক হিচাপে আশাৰ বতৰা কঢ়িয়াই অনা মীন উদ্যোগী তথা প্ৰতিষ্ঠিত মীন পালক অমল মেধিয়ে ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰাৰ বতৰাই উৎসাহিত কৰি তুলিছে মীন উদ্যোগৰ লগত জৰিত মীন পালক সকলক৷
খবৰ যুগুতালে ভাৰ্গৱ কুমাৰ দাসে..

Leave A Reply

Your email address will not be published.