ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে অসমৰ এইগৰাকী শিশু শিল্পী

0 255

ৰাষ্ট্ৰীয় বাল পুৰস্কাৰে সন্মানিত হৈছে নাজিৰাৰ এগৰাকী কণমানি শিল্পী।ধিতিস্মান চক্ৰৱৰ্তী নামৰ নাজিৰাৰ শিশুশিল্পীগৰাকীয়ে ব্লকচেইন পদ্ধতিৰে আজি ভাৰত চৰকাৰৰ পৰা মানপত্ৰ আৰু নগদ ধন লাভ কৰিছে।ধিতিস্মানে বৰ্তমানলৈকে ৮টা ভাষাত ৭০টাকৈ অধিক গীত বাণীবদ্ধ কৰিছে।মাত্ৰ ডেৰবছৰ বয়সৰ পৰা সংগীতৰ জগতত খোজ পেলোৱা ধিতিস্মানে অসমীয়া,হিন্দী,ইংৰাজীৰ উপৰিও বাংলা ভাষাতো গীত পৰিবেশন কৰিব পাৰে।কিছুদিন পূৰ্বে ধিতিস্মানে মাকৰ সৈতে পৰিবেশন কৰা ´তোমাৰ মৰমে মোৰ,দেহত তুলিলে ঢৌ `শীৰ্ষক গীতটোৱে চ`চিয়েল মেডিয়াত বেচ জনপ্ৰিয়তা লাভ কৰিছিল।ধিতিস্মান শিৱসাগৰৰ অ এন জি চিৰ আৱাসিক এলেকাৰ বাসিন্দা দেৱজিত চক্ৰৱৰ্তী আৰু সোনম চক্ৰৱৰ্তী পুত্ৰ।

Leave A Reply

Your email address will not be published.