ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

0 315

বিজ্ঞানত প্ৰথম নবেল বঁটা লাভ কৰা ভাৰতীয় মহান বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট্ ৰমনে আজিৰ দিনটোতে Ramen Effect ৰ আৱিস্কাৰ কৰাৰ বাবে আজিৰ দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণ কেন্দ্ৰ স্বৰূপ মিৰ্জাৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান অসম জাতীয় বিদ্যালয়ে মহান ব্যক্তিগৰাকীক স্মৰণ কৰি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন কৰে। উক্ত দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৈজ্ঞানিক পদ্ধতিৰে সামাজিক, প্ৰাকৃতিক, সৌৰজগত, বনবিভাগ আদিকে ধৰি বিভিন্ন পৰিবেশৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা সামগ্ৰীৰ ওপৰত এখনি বিজ্ঞান প্ৰদৰ্শনী অনুষ্ঠিত কৰে। বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ভি আই পিস্থিত শিশু গাঁৱৰ সঞ্চালক সুবোধ দাসে। বিজ্ঞান প্ৰদৰ্শনী উদ্বোধন কৰি সুবোধ দাসৰ লগতে শিশু গাৱৰ দুই বিষয়ববীয়া দেৱজ্যোতি চক্ৰৱৰ্তী, কামৰুল হুদাই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান সন্মত ভাৱে বিভিন্ন পৰিবেশৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা সামগ্ৰী সমুহ পৰিদৰ্শন কৰি বুজ লয়। অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনন্দ স্বৰ্গিয়াৰী আৰু জ্যোতিৰ্ময় চৌধুৰী উপস্থিত থাকি বিদ্যালয়খন ২০০১ চনতে স্থাপিত হোৱাৰে পৰা শৈক্ষিক দিশত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও বিজ্ঞান সন্মতভাৱে এনেধৰণৰ অনুষ্ঠান এইবেলি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ প্ৰদৰ্শনীত ছাত্ৰ-ছাত্ৰীসকলৰ উৎসাহ দেখি আনন্দ প্ৰকাশ কৰাৰ লগতে অনুষ্ঠানটোত সহযোগিতা কৰা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ধন্যবাদ জ্ঞাপন কৰে। সহ শিক্ষক মদন চৌধুৰীয়ে আঁতধৰা অনুষ্ঠানত বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী দিপালী চৌধুৰী, শিক্ষক মুকুট দাস, সমুদ্ৰ দাস, সাংবাদিক ধৰ্মেন্দ্ৰ দাস, বিকাশ দাস, জীতুমণী দাস, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে..

Leave A Reply

Your email address will not be published.