ৰীমা দাসৰ ছবি প্ৰদৰ্শিত হ’ব মেলৱৰ্নত

0 248

ভিলেজ ৰকষ্টার্ছৰ জৰিয়তে বিশ্বজুৰি  প্রশংসা বুটলিবলৈ সক্ষম হৈছিল অসম সন্তান ৰীমা দাসে। এইবাৰ ৰীমা দাসৰ ছবি প্ৰদৰ্শিত হ’ব ২০২১ত ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলবর্নত।
 
 
 
বলীউডৰ জনপ্ৰিয় ছবি নির্মাতা কবিৰ খান, ইমতিয়াজ আলী, অনিৰ আৰু অসম কন্যা ৰীমা দাসে চাৰিখন চুটি ছবি নির্মাণ কৰিব৷ পৰৱর্তী সময়ত চাৰিখন চুটি ছবিক একেলগ কৰি মাই মেলবর্ন নামেৰে ছবি মহোৎসৱত প্রদর্শন কৰা হ’ব৷ প্রতিখন ছবি নিৰ্মাণৰ বাবে ছবি নির্মাতাসকলক একোটাকৈ নির্দিষ্ট পৰিমাণৰ বাজেট নির্ধাৰণ কৰি দিয়া হৈছে৷ উল্লেখযোগ্য যে ৰীমা দাসে ইতিমধ্যে ভিলেজ ৰকষ্টার্ছ আৰু বুলবুল কেন ছিং নামৰ ছবি দুখনৰ জৰিয়তে ৰাষ্ট্রীয় বঁটাৰ সন্মান লাভ কৰিছে।

Leave A Reply

Your email address will not be published.