ৰূপকোঁৱৰলৈ শ্ৰদ্ধাৰে..

0 330

লুইতৰ পাৰৰে আমি ডেকা ল’ৰামৰিবলৈ ভয় নাই।এই গীতেৰে হাজাৰ জনতাক স্বাধীনতাৰ প্ৰতি উদ্বুদ্ধ কৰি তোলা ব্যক্তিজনেই হ’ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম জন বোলছবি নিৰ্মাতা। একেধাৰে সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ । তেখেতৰ জন্ম হৈছিল ১৯০৩চনৰ আজিৰ দিনটোতে।
 
 
জয়মতী, ইন্দ্ৰমালতী বোলছবিৰ জৰিয়তে অসমৰ সমাজ সংস্কৃতিক চিৰযুগমীয়া কৰি তুলিছিল। কবিতা, শিশু সাহিত্য, গল্প, নাটকৰ জৰিয়তে অসমীয়া সাহিত্যৰ ভৰাল সমৃদ্ধ কৰি গৈছে।
 
 
এই মহান শিল্পীগৰাকীৰ শিল্পকৰ্মৰ প্ৰতি সন্মান জনাই তেখেতৰ স্মৃতি ৰক্ষাৰ্থে ভাৰত চৰকাৰে ২০০৪চনৰ ১৭জুনৰ দিনা এক ডাক টিকটৰ শুভাৰম্ভ কৰে। এইগৰাকী মহান শিল্পী মৃত্যুবৰণ কৰে ১৯৫১চনৰ ১৭জানুৱাৰীত। এইগৰাকী মহান শিল্পীয়ে অসমীয়া ভাষা সাহিত্যলৈ আগবঢ়োৱা  অৱদান সেয়া বিশাল জ্যোতিৰূপে জ্যোতিস্মান হৈ আছে আৰু থাকিব । আজিৰ এই পৱিত্ৰ জন্মদিৱসত তেখেতলৈ জনালো গভীৰ প্ৰণিপাত।

Leave A Reply

Your email address will not be published.