ৰূপসী বিমান বন্দৰে আকৌ প্ৰাণ পাই উঠিছে

0 224

ৰূপসী বিমানবন্দৰে আকৌ প্ৰাণ পাই উঠিব। ৰূপসী বিমানবন্দৰৰ পৰা বিমান চলাচল শীঘ্ৰেই আৰম্ভ হ’ব। ৪০ বছৰৰ পিছত প্ৰথম বাৰৰ বাবে ৰূপসী বিমান‌ বন্দৰত পৰীক্ষণৰ বাবে এখন যাত্ৰীবাহী বিশেষ বিমান দ্বিতীয়বাৰৰ বাবে অৱতৰণক কেন্দ্ৰ কৰি ৰাইজৰ মাজত ব্যপক উৎসাহ উদ্দীপনা দেখা গৈছে।বুধবাৰে FLYBIG কোম্পানী নামৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপসী বিমানবন্দৰৰ ৰানৱে’ৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰামিটাৰৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে। এ এ আইৰ সূত্ৰই সদৰী কৰা মতে উক্ত পৰীক্ষণত ৰূপসী বিমানবন্দৰ যাত্ৰীবাহী বিমান চলোৱাৰ বাবে সাজু হৈ উঠিছে আৰু উক্ত বিষয়ত আজি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.