ৰূপালী জয়ন্তী সমাৰোহ অনুষ্ঠিত

0 298

ছাত্র ছাত্রী সকলে জীৱনৰ উন্নতিৰ শিখৰত যাবলৈ হ’লে জ্ঞানী হ’ব লাগিব। গ্ৰন্থই বহু পথভ্ৰষ্ট লোকক মূল সূতিলৈ ঘুৰাই আনিব পাৰে। ইয়াৰ উদাহৰণ বহুত আছে ।এই বক্তব্য বিশিষ্ট গৱেষক, মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° অংশুমান দাসৰ। মৰিগাঁও জিলাৰ ভূৰবন্ধা শিক্ষাখণ্ডৰ অন্তৰ্গত ঐতিহাসিক কুঁজিবিলৰ পাৰত ১৯৯৪ চনত প্ৰতিষ্ঠিত কনপাই বৰদলৈ মাধ্যমিক বিদ্যালয়ে ২৫ বছৰ পূৰ্ণ কৰাৰ উপলক্ষে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী অনুষ্ঠিত হয়। প্ৰথম দিনাৰ মুকলি সভাত সভাপতিত্ব কৰে অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী অনন্ত কুমাৰ দাসে। বিদ্যালয়খনৰ প্ৰধান তথা ৰূপালী জয়ন্তী সমাৰোহৰ সম্পাদক ৰমেশ চন্দ্ৰ বৰদলৈয়ে আদৰণি ভাষন প্ৰদান কৰা মুকলি সভাতে স্মৃতি গ্ৰন্থ কনপাহি উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ দীপেন্দ্ৰ নাথ বৰদলৈয়ে। ৰূপালী জয়ন্তীৰ সমাৰোহত উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত মূল্যৱান ভাষন ৰাখে মৰিগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা তিৱা বুৰঞ্জীৰ গৱেষক ড° হাতেম আলী, বিশিষ্ট সাংবাদিকদ্বয় ডালিম ফুকন আৰু ৰাহুল দেৱ বৰদলৈয়ে।  এটি সমবেত গীতেৰে আৰম্ভ হোৱা মুকলি সভাত উত্তৰ শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মানিক দাস, শিক্ষক দেৱকান্ত বৰদলৈকে আদি কৰি  অঞ্চলৰ বহু গণ্য মান্য ব্যক্তিৰ লগতে পাঁচ শতাধিক ছাত্র-ছাত্রী, অভিভাৱক উপস্থিত থাকে । মুকলি সভাৰ পিছতে সন্ধ্যা বন্তি প্ৰজ্বলন আৰু ৩১ ডিচেম্বৰত পুৱা ন বজাত সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব সমাজকৰ্মী প্ৰফুল্ল বৰদলৈয়ে। তাৰ পাছতে ১১ বজাত স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। উল্লেখযোগ্য যে কালিলৈ এই সমাৰোহখন অন্ত পৰিব।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.