বিহুৰ সকলো লোকবাদ্য বজাব জনা মহিলাগৰাকী মৰিয়নিৰ এগৰাকী মহিলা কান্ধত ঢোল লৈ বিহুলৈ সাজু হৈছে। এগৰাকী বিহু নাচৰ প্ৰশিক্ষক ৰূপে খ্যাতি থকা কৰবী দলে গগৈ নামৰ মহিলা গৰাকীয়ে বিহুৰ লগত জড়িত ঢোল, পেপা, গগনা, সুতুলি, বাঁহীকে ধৰি প্ৰতিটো লোকবাদ্য বজাব জানে। ৮০ দশকৰ পৰা কৰবী গগৈ দলে বিহুৰ সৈতে জৰিত হৈ আছে ।বিহু নাচৰ বিচাৰক ৰূপেও কৰবী দলে গগৈৰ এক পৰিচয় আছে। অসমীয়া চিনেমা জগতৰ জনপ্ৰিয় অভিনেত্ৰী মুনমী কলিতাৰ বিহু নাচৰ গুৰু এই গৰাকী কৰবী দলে। ১৯৮৯ চনত তিতাবৰৰ খেলমাটিত কৰবী গগৈয়ে শ্ৰেষ্ঠ পেপা বাদক আৰু গগনা বাদকৰ সন্মান লাভ কৰিছিল। অসমীয়া লোক বাদ্য খোল, নেগেৰাও বজাব জানে এই গৰাকী মহিলা শিল্পীয়ে। বৰ্তমান শিল্পী গৰাকী যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত বিহু নাচৰ কৰ্মশালাত প্ৰশিক্ষণ আগবঢ়োৱাত ব্যস্ত হৈ আছে।খবৰ যুগুতালে মৰিয়নীৰ পৰা জ্যোতি প্ৰসাদ গগৈয়ে ..
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা