টীয়ক পৌৰসভাই বন্ধ কৰিলে মুকলি দোকান

0 329

টীয়ক পৌৰসভাই নগৰখনৰ অন্তৰ্গত দোকান হাট হোটেল তথা মাছ মাংসৰ বজাৰসমূহত পৌৰপতি ৰফিক উজ জামান আৰু কাৰ্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱৰ উপস্থিতত পুলিচ প্ৰশাসনৰ সহযোগত পৰ্যবেক্ষণ কৰি মুকলিকৈ তথা অস্বাস্থ্যকৰ বিক্ৰী কৰা সামগ্ৰীৰ দোকানীসকলক পৰিস্কাৰ পৰিচন্ন অৱলম্বন কৰি ব্যৱসায় কৰিবলৈ আহ্বান জনায় ক’ৰণাৰ ভয়াবহতাৰ ওপৰত সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
 
 
নগৰখনৰ কেইবাটাও অঞ্চলত পৌৰসভাৰ সজাতি দলটোৱে সাধাৰণ পথাচাৰী দোকানীসকলক পৌৰসভাই নিৰ্দিষ্ট কৰি দিয়া স্থানত তেওঁলোকৰ ব্যৱসায় কৰিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে ইতিপূৰ্বে পৌৰসভাই জিলা প্ৰশাসনৰ নিৰ্দেশত এই ব্যৱসায়ীসকলক খাদ্যবস্তু মুকলিকৈ বিক্ৰী নকৰিবলৈ জাননী প্ৰদান কৰিছিল যদিও ফলপ্ৰসু নোহোৱাত আজি দোকানে দোকানে পৌৰপতিগৰাকীয়ে কাৰ্যবাহী বিষয়া তথা কেইবাজনো কৰ্মচাৰীক লৈ ক’ৰণাৰ বিৰুদ্ধে প্ৰশাসনৰ নিৰ্দেশক মানি ল’বলৈ আহ্বান জনায় অন্যথা নিৰ্দেশ অমান্য কৰা সকলক আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকিয়নি প্ৰদান কৰে।
 
 
 
ইপিনে টীয়কৰ নগৰখনৰ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত মাধবী হাজৰিকাই নিজৰ ৱাৰ্ডৰ এলেকাত ক’ৰণাৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰি উপস্থিত সকলক চাবোন,চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..

Leave A Reply

Your email address will not be published.