হাজোত জৰুৰী কালীন সেৱাত নিয়োজিত সকলক সম্বৰ্ধনা জনালে

0 297

চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে ৰাইজৰ সুৰক্ষাৰ বাবেই নিজৰ জীৱনকো সংকটত ৰাখি ক’ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজি আছে। ইয়াৰ সমান্তৰালকৈ সাংবাদিকসকলেও সকলো প্ৰত্যাহ্বান নেওচি আৰু নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি দৃঢ়তাৰে কাম কৰি আছে।
 
 
 
এই প্ৰতিকূল মুহুৰ্তত চিকিৎসক কৰ্মী আৰু সাংবাদিকৰ সাহস যোগাবলৈ আগবাঢ়ি আহিছে বনবিষয়া পংকজ কলিতা। হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰত বুধবাৰে চিকিৎসাকৰ্মী আৰু সাংবাদিকসকলক একোখনকৈ ফুলাম গামোছাৰে বন বিষয়াগৰাকীয়ে সম্বৰ্ধনা জনায় ।
 
খবৰ যুগুতালে হাজোৰ পৰা দিপাংকৰ মজুমদাৰে..

Leave A Reply

Your email address will not be published.