গেলেকী সংৰক্ষিত বনাঞ্চলত বনমন্ত্ৰীয়ে সাহিত্য মনিষী উপবনৰ শুভাৰম্ভ কৰিলে

0 271

অসম চৰকাৰৰ বন,আৱকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি শিৱসাগৰ জিলাৰ কমলাবাৰীস্থিত গেলেকী সংৰক্ষিত বনাঞ্চলত সাহিত্য মনিষী উপবন নামৰ এখনি বন উদ্যানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
 
শিৱসাগৰ জিলা বন বিভাগৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানত বন উদ্যান খনিৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে গছপুলিও ৰোপণ কৰে।বন উদ্যান খনিৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰদান কৰা ভাষণত মন্ত্ৰী গৰাকীয়ে কয় যে,জৈৱ বৈচিত্ৰতাৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অসম খনক প্ৰদুষণ মুক্ত কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰি আহিছে। অসম খনক প্ৰদূষণ মুক্ত কৰিব নোৱাৰিলে এই জাতিটোক জীয়াই ৰখাটো সম্ভৱ নহয় বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে কয় যে অসমৰ ২৪ খন জিলাত সাহিত্য মনিষী উপবন আঁচনি লোৱা হৈছে আৰু গেলেকীত এয়া ১২ সংখ্যক কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ কয় যে এই সাহিত্য মনিষী উপবনত এই বৰ্ষৰ ভিতৰত বিভিন্ন প্ৰজাতিৰ ফুল, ফল, ঔষধিৰ এহেজাৰ গছপুলি ৰোপণ কৰা হ’ব। বন মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসম খনক প্ৰদূষণ মুক্ত কৰাৰ উদ্দেশ্যে ১০ কোটি গছপুলি ৰোপনৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই মৰ্মে বৰ্তমানলৈ ৰাজ্যখনত ৭ কোটি গছপুলি ৰোপন কৰা হৈছে।
সাহিত্য মনিষী উপবন খনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে কয় যে প্ৰকৃতি অবিহনে মানুহ কেতিয়াও জীয়াই নাথাকে, কিন্তু প্ৰকৃতিক মানুহে ধ্বংস কৰি আহিছে। প্ৰকৃতিৰ সুৰক্ষাৰ প্ৰতি জনসাধাৰণ সচেতন হ’ব লাগিব আৰু এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগিব।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰি থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰীয়ে সাহিত্য মনিষী উপবন খনিৰ সৌষ্ঠৱ বৃদ্ধিৰ বাবে সকলো ৰাইজৰ সহযোগিতা অতিকৈ প্ৰয়োজনীয় বুলি উল্লেখ কৰে। প্ৰতিজন লোককে এটিকৈ হলেও গছপুলি ৰোপণ কৰিবলৈ তেওঁ আহ্বান জনায়। গছপুলি ৰোপণৰ লগতে এইসমূহৰ প্ৰতিপালনৰ প্ৰতিও দৃষ্টি ৰখা উচিত বুলি তেওঁ কয়।
জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে কমলাবাৰীক এক আকৰ্ষণীয় পৰ্যটনৰ কেন্দ্রৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ উদ্যোগৰ ভূয়সী শলাগ লয়। তেওঁ সাহিত্য মনিষী উপবন খনিৰ সুৰক্ষা আৰু ইয়াৰ সংবৰ্ধনৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা আহ্বান কৰে। পৰিবেশৰ সুৰক্ষাৰ প্রয়োজনীয়তা আজি জনসাধাৰণে হৃদয়ংগম কৰিবলৈ সক্ষম হ’ব লাগিব বুলিও তেওঁ মতপ্ৰকাশ কৰে।
এই অনুষ্ঠানত সমাজকৰ্মীদ্বয় ক্ৰমে সুৰভি ৰাজকুমাৰী আৰু প্ৰহ্লাদ গোৱালা; প্ৰধান মুখ্য বন সংৰক্ষক তথা বনবল মুৰব্বী অৰবিন্দ মাধৱ সিং, অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক (টেৰীটৰিয়েল) এছ পি বশিষ্ঠ, মুখ্য বন সংৰক্ষক তথা চি এ এম পি এ ৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ সত্যেন্দ্ৰ সিং; বন সংৰক্ষক, পূৱ অসম চক্ৰ, যোৰহাট নাৰায়ণ মহন্ত; সহকাৰী বন সংৰক্ষক, যোৰহাট সংমণ্ডল অশ্বিনী কুমাৰ; বন সংমণ্ডল প্ৰাধিকাৰী, শিৱসাগৰ জয়শ্ৰী নাইডিং আৰু নাজিৰাৰ মহকুমাধিপতি সম্প্ৰীতি গোস্বামী উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.