ঢকুৱাখনাত অংগনৱাদী কৰ্মী সহায়িকাৰ সজাগতা সমদল

0 323

নাৰী হিংসা ,গাৰ্হস্থ্য হিংসা বন্ধ কৰা,  লিংগ বৈষম্য দূৰ কৰা আদি বিভিন্ন সমাজ বিৰোধী কাৰ্যৰ বিৰুদ্ধে বুধবাৰে সংহত শিশু উন্নয়ন প্ৰকল্প ঢকুৱাখনাৰ  উদ্যোগত প্ৰকল্পটোৰ অন্তৰ্গত অংগনৱাদী কৰ্মী আৰু সহায়িকাসকলৰ সহযোগত উলিওৱা হয় এক সজাগতামূলক সমদল। বুধবাৰে দুপৰীয়া ১১-৩০ বজাত প্ৰকল্প চৌহদৰ পৰা হাতে হাতে প্লে কাৰ্ড লৈ যৌতুক প্ৰথা বন্ধ কৰক , নাৰী নিৰ্যাতন বন্ধ কৰক, গাৰ্হস্থ্য হিংসা  ৰোধ কৰক, লিংগ বৈষম্য দূৰ কৰক, নাৰী সৰবৰাহ বন্ধ কৰক , কন্যা আৰু নাৰীক পুৰুষৰ সমানে মৰ্যদা প্ৰদান কৰক আদি শ্লোগান দি বাহিৰ হয় প্ৰকল্পটোৰ গৰিষ্ঠ সংখ্যক কৰ্মী সহায়িকা। ঢকুৱাখনাৰ মহকুমা নিৰ্বাচনী বিষয়া কুলভূষণ পেগু , সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত প্ৰকল্প বিষয়া মানৱ দাস , প্ৰকল্পটোৰ  পৰিসংখ্যা সহায়ক পংকজ চৌধুৰী ,  ব্লক সমন্বয়ক  সত্যজিৎ সোণোৱালৰ লগতে কাৰ্যালয়ৰ  কৰ্মচাৰী সকলৰ অংশ গ্ৰহনেৰে  নগৰাঞ্চল পৰিভ্ৰমণ কৰা  সজাগতা সমদলকাৰী  কৰ্মী সহায়িকা সকলে শিশু আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত সকলো হিংসাত্মক কাৰ্য প্ৰতিৰোধৰ বাবে জনসজাগতা সৃষ্টি কৰে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.