আগন্তুক দিনত অসম ৰাজ্যিক পৰিবহন নিগমে গ্ৰহণ কৰিবলগীয়া কাৰ্য্যপন্থা

0 369

অসম ৰাজ্যিক পৰিবহন নিগমে পৰিবহন নিগমৰ উন্নয়নৰ কল্পে বিভিন্ন ধৰণৰ আঁচনি হাতত লৈছে।আজি নেডফি হাউচত অনুষ্ঠিত কৰা এক সংবাদ মেলত নিগমৰ অধ্যক্ষ অশোক ভট্ৰাৰায়ে কয় যে পৰিবহন নিগমত ১০০০খন অত্যাধুনিক প্ৰযুক্তি সম্পন্ন বাছ ক্ৰয় কৰা পৰিকল্পনা আছে ।প্ৰথম পৰ্য্যায়ত ৫০০খন বাছ ক্ৰয় কৰা হ’ব।বাছ আস্থান সমূহ উন্নয়ন কৰা হ’ব।পৰিবহন বিভাগৰ প্লাজা বকো, শিলচৰ, ডিব্ৰুগড়, দলগাৱত স্থাপন কৰা হ’ব ।ইতিমধ্যে পৰিবহন নিগমৰ অধীনত compressed natural gasৰ এটা ষ্টেচন ডিব্ৰুগড়ত আৰম্ভ কৰা হৈছে।জ্ঞানজ্যোতি আৰু ধৰ্মজ্যোতি আঁচনি হাতত লোৱা হৈছে।ছাত্ৰই ৩০%,ছাত্ৰীয়ে ৩৫%,সাংবাদিকৰ বাবে ৮০% আৰু বৃদ্ধয়ে ৫০% ৰেহাই মূল্যত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত যাত্ৰা কৰিব পাৰিব।আনহাতে সংবাদ মেলখনত নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে ষ্টেচন বিশেষত ম’বাইল টাৱাৰ স্থাপন কৰা হ’ব।গুৱাহাটীত ২৫খন ই ভি বাছৰ সেৱা আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ।সংবাদ মেলখনত অসম ৰাজ্যিক পৰিবহন নিগমৰ বহুবিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.