জি আইৰ টেগ পালে গামোচাই

0 292

অসম আৰু অসমীয়াৰ স্বভিমানৰ প্ৰতীক গামোচাই লাভ কৰিলে জি আইৰ টেগ।বগা সুতাৰ মাজত ৰঙা পাৰি আৰু ফুল সন্নিবিষ্ট থকা গামোচাই অসম আৰু অসমীয়াৰ পৰিচয় বহন কৰে।২০০৭চনত মুগা সুতাই,২০০৫চনত কাৰ্বিআলঙৰ আদাই জি আইৰ টেগ লাভ কৰিছিল।ইয়াৰ উপৰিও জহা চাউল,তেজপুৰৰ লিচুৱে ইতিমধ্যে জি আইৰ টেগ লাভ কৰিছে।Geographical indication registry ৰ জাৰ্ণেলত গামোচাৰ বিষয়ে এনেদৰে প্ৰকাশ পাইছে-গামোচা অসমৰ পৰম্পৰাগত বস্ত্ৰশিল্প।ই অসমৰ পৰিচয় বহন কৰে।গামোচাই অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰে।পুৰুষ মহিলা উভয়ে গামোচা ব্যৱহাৰ কৰে।বিশেষকৈ বিহুত গামোচাৰ ব্যৱহাৰ হয়।প্ৰতিজন অসমীয়াই কান্ধত গামোচা লৈ নামঘৰলৈ যায়।চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে।

Leave A Reply

Your email address will not be published.