Life in a puppet য়ে লাভ কৰিলে আন্ত:ৰাষ্ট্ৰীয় সন্মান

0 334

বিলুপ্তপ্ৰায় পুতলা নাচৰ আধাৰত নিৰ্মিত Life in a puppet নামৰ চিত্ৰনাট্য খনে লাভ কৰিছে আন্ত:ৰাষ্ট্ৰীয় সন্মান। কলিকতাৰ শান্তি নিকেতনত চলি থকা ১৬ সংখ্যক Tagore International Film Festival  অসমীয়া চলচ্চিত্ৰ লাইফ ইন এ পাপেটে শ্ৰেষ্ঠ কাহিনী চলচ্চিত্ৰ শিতানত লাভ কৰে OUTSTANDING ACHIEVEMENT AWARD.
 
ৰাজেন দাসৰ কাহিনী,চিত্ৰনাট্য, পৰিচালিত এই ছবিখন আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহখনত একেই শাখাত কানাডাৰ,আমেৰিকা, নৰ’ৱে,চুইডেন, চীন,ম্যানমাৰ আদি বিদেশী চলচ্চিত্ৰৰ সৈতে একেখন তালিকাতে অসমৰ পৰা লাইফ ইন এ পাপেটক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।
 
এই পুৰস্কাৰৰ লগে লগে ছবিখনে আন্ত:ৰাষ্ট্ৰীয় সমাৰোহখনৰ সন্মানীয় বাৰ্ষিক SUN OF THE EAST বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছে বুলি ৰাজেন দাসে জানিবলৈ দিয়ে।লগতে তেখেতে চ’চিয়েল মেডিয়াৰ জৰিয়তে কয় যে অসমৰ বিলুপ্তপ্ৰায় পুতলা নাচক বিশ্ব দৰবাৰলৈ নিয়াৰ সপোন দেখিছিলোঁ সেই সপোনে কিছু পূর্ণতা পাইছে।
 

Leave A Reply

Your email address will not be published.