শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই কালি শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা হাঙ্গাৰিৰ ৰাষ্ট্ৰদূত গীয়োলা পেথ’ (Gyula Pethő) আৰু তেওঁৰ সহধৰ্মিণীক স্থানীয় আৱৰ্ত ভৱনত উষ্ম আদৰণি জনায়। আৰক্ষী অধীক্ষক অমিতাভ সিনহায়ো দুয়ো গৰাকী অতিথিক সম্ভাষণ জনায়।সপত্নীক ৰাষ্ট্ৰদূত গৰাকীয়ে জিলাখনৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ আৰু পৰ্যটক থলী ভ্ৰমণ কৰে। উপায়ুক্ত গৰাকীয়েও এই ভ্ৰমণকালত তেওঁলোকক সংগ প্ৰদান কৰে। তেওঁলোকে ভ্ৰমণকালত ৰংঘৰ, তলাতল ঘৰ, ন-পুখুৰী স্থিত শিৱদ’ল আদি পৰিদৰ্শন কৰে।পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে জিলাখনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা “Soulful Sivasagar” অভিযান আৰু ভৱিষ্যত পৰিকল্পনা সমূহৰ বিষয়ে অৱগত কৰে। ৰাষ্ট্ৰদূত গৰাকীয়েও এই সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়। তেওঁলোকে জিলাখনৰ ঐতিহ্য আৰু সংস্কৃতিৰ বিষয়ে উৎসুকতাৰে আৰু সবিস্তাৰে বুজ লয়।দুপৰীয়া ৰাষ্ট্ৰদূত গৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে থলুৱা পাৰম্পৰিক খাদ্যসম্ভাৰৰ জুতি লয়। দুয়োগৰাকী অতিথিয়ে থলুৱা পিঠা-পনা আৰু খাদ্য গ্ৰহণ কৰি আপ্লুত হৈ পৰে।ৰাষ্ট্ৰদূত আৰু তেওঁৰ পত্নী দুয়োগৰাকীয়ে জিলা প্ৰশাসনৰ পৰা লাভ কৰা আতিথ্যৰ বাবে জিলা উপায়ুক্তক আন্তৰিকতাৰে ধন্যবাদ জনায়। তেওঁলোকে জিলাখনৰ সৰ্বাংগীন উন্নয়নৰ লগতে “Soulful Sivasagar” অভিযানৰ পূৰ্ণ সফলতা কামনা কৰে।খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন