মেঘালয়ৰ ভিতৰত বৃহত্তম নদীদ্বীপ- নংখনুম

0 384

প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ মেঘালয়ৰ নৈসৰ্গিক বিনন্দীয়া শোভাৰ বিষয়ে সকলোৱে জ্ঞাত । মেঘালয়ৰ পৰ্যটনৰ ক্ষেত্ৰত গৌৰৱ ধবজা বহন কৰিছে, মেঘালয়ৰ পশ্চিম খাচী পাহাৰত থকা নংখনুম নদীদ্বীপে (Nongkhnum Island)। উল্লেখযোগ্য যে, ইতিমধ্যে এই নদীদ্বীপ টোৱে এচিয়াৰ ভিতৰত দ্বিতীয় আৰু মেঘালয়ৰ ভিতৰত বৃহত্তম নদীদ্বীপ ৰূপে স্বীকৃতি লাভ কৰিছে। প্ৰায় ২০ ৰ পৰা ২৫ বৰ্গ কি: মিটাৰ এলেকা জুৰি এই নদীদ্বীপটো বিস্তৃত হৈ আছে। মেঘালয়ৰ কিঞ্চী (Kynshi)  নদীয়ে নংখনুম আৱৰি ৰাখিছে । স্মৰ্তব্য যে এই কিঞ্চী নদীৰ এটা ফাল উত্তৰ ফালে আৰু আন ফাল দক্ষিণ ফালে গতি কৰিছে। উত্তৰ ফালে বোৱা এই কিঞ্চী নদীক নামলিএং নদী (Namling River) আৰু দক্ষিণ ফালে বোৱা কিঞ্চী নদীৰ ঢাল টোৰ ফানলিএং (Phanling River) নদী হিচাপে জনা যায় । নদীদ্বীপ টোৰ সন্মুখভাগত ১০০ বৰ্গ মিটাৰ এলেকা মনোৰম বালিচৰ বিস্তৃত হৈ আছে।  ফানলিএং নদীয়ে এটা সুন্দৰ হ্ৰদ গঠন কৰিছে। এই হ্ৰদ টোৰ দৈৰ্ঘ্য প্ৰায় ৪০০ পৰা ৫০০ বৰ্গ মিটাৰ। ইয়াৰ প্ৰায় কাষতে  শাদথুম নামৰ এটা সুন্দৰ জলপ্ৰপাত আছে। এই জলপ্ৰপাতৰ পানী প্ৰায় ৬০ মিটাৰ উচ্চতাৰ পৰা নামি আহিছে। নংখনুম আৰু কিঞ্চী নদীৰ সমীপত বহুতো সৰু সৰু জলপ্ৰপাত আছে যদিও নংখনুম নদীদ্বীপ থকা শাদথুম (Shadthum), ৱেইনিয়া (Weinia) আৰু লাংচিএং (Langshiang)যে প্ৰধান জলপ্ৰপাত হিচাপে স্বীকৃতি লাভ কৰিছে। ভিন্ন প্ৰকাৰৰ শিলা গাঁঠনি, সেউজীয়া ঘাঁহনি, ওখ ওখ সুন্দৰ গছ গছনিয়ে নদীদ্বীপটোক সোণত সুৱাগা চৰাইছে। স্থানীয় লোকে কিঞ্চী নদী এক জনপ্ৰিয় মাছ ধৰা ঠাই ৰূপে ব্যৱহাৰ কৰিছে। নংখনুম নদীদ্বীপত নবেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে সৰ্বাধিক পৰ্যটকৰ সমাগত পৰিলক্ষিত হয়। আনহাতে একাংশ পৰ্যটকে পিকনিক স্থলী হিচাপে ব্যৱহাৰ কৰা দেখা যায়।

Nongkhnum-Island-e1436444088438

  নংখনুম নদীদ্বীপলৈ যাবলৈ লে

নংখনুম নদীদ্বীপলৈ যাবলৈ হ’লে তিনিধৰণৰ পথৰ ব্যৱস্থা থকাৰ কথা জনা যায়। ১ নং পথটো হ’ল শ্বিলংৰ পৰা নংষ্টেন হৈ নংখনুম নদীদ্বীপ পাব পাৰি। ২ নং পথটো হ’ল অসমৰ গোৱালপাৰা জিলা দুধনৈৰ পৰা পূব গাৰো পাহাৰ দিশে আহি ৰংজেং নামৰ ঠাই অতিক্ৰমি চালাং আৰু নংষ্টেইনত গৈ নংখনুম নদীদ্বীপ পাব পাৰি। এই পথটো সম্পূৰ্ণ নৱনিৰ্মিত আনহাতে ৩ নং পথটো হ’ল অসমৰ কামৰূপৰ বকোয়ে দি গৈ হাহিম আৰাডোংগা, ৰিয়ানদো নামৰ ঠাই কেইখন অতিক্ৰমি নংষ্টেইনত হৈ নংখনুম নদীদ্বীপ পাব পাৰি। উল্লেখযোগ্য যে এই ৩নং পথটো খুবেই দুৰ্গম পথ হোৱাৰ লগতে ৰাস্তা – ঘাট সুচল নহয়। ১ নং পথৰ অৰ্থাৎ শ্বিলংৰ পৰা নংখনুম পথৰ দুৰত্ব প্ৰায় ১২০ কি: মি আৰু সময় লাগে প্ৰায় ৩ ঘণ্টাৰ পৰা ৩/ ঘণ্টা আৰু ২ নং পথ অৰ্থাৎ পূব গাৰো পাহাৰৰ পৰা সময় লাগে ৬ পৰা ৮ ঘণ্টা পৰ্যন্ত । আনহাতে ৩ নং পথ অৰ্থাৎ হাহিমৰ পৰা নংষ্টেইনলৈকে লগা সময় পৰিমাণ সঠিকে জনা নাযায়। সেয়েহে শ্বিলংৰ পৰা নংষ্টেইন হৈ (পশ্চিম খাচী পাহাৰ) মাওকীৰাৱাট (Mawkyrwat) ৰ পথেদি নংখনুম নদীদ্বীপৰ পথটোকে সকলোৱে যাতায়তৰ বাবে সুগম পথ বুলি বিবেচনা কৰে।

hqdefault

প্ৰিয় পাঠক, আজি NE Focus ত মেঘালয়ৰ পৰ্যটনৰ এক আকৰ্ষণীয় নংখনুম নদীদ্বীপৰ বিষয়ে আভাস দিয়া হ’ল। পৰৱৰ্তী পয্যাৰ্য়ত এনে বহু পৰ্যটনৰ বিষয়ে জনোৱা হ’ব । তাৰ বাবে চাই থাকিব www.nefocus.com.

Leave A Reply

Your email address will not be published.