বটদ্ৰৱাৰ ভকতক পাচলি বিতৰণ কৰিলে এজন কৃষকে

0 289

ক’ৰণা ভাইৰাচ সংক্ৰমিত নহ’বৰ বাবে সমগ্ৰ ভাৰততে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ২১ দিনৰ লকডাউনৰ বাবে ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে নগাঁৱৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ ভকত বৈষ্ণৱ সকলৰো শাক পাচলি আদি সামগ্ৰীৰ অভাৱৰ সন্মুখীন হৈছে।
 
 
সপ্তাহ পাৰ হোৱা লক ডাউনৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক পাচলিৰ অভাৱৰ বাবে সমস্যাৰ সন্মুখীন হৈছে। এনে ১৫০ গৰাকী সত্ৰৰ ভকতৰ বাবে বটদ্ৰৱাৰ ধূপগুৰিৰ ধাকাইবস্তিৰ আহমদ নামৰ এজন কৃষকে মহানুভৱতা দেখুৱাই নিজৰ খেতিৰ পৰা তিনি কুইন্টল বন্ধাকবি আগবঢ়ায়। এই পাচলি খিনি ভকতক দি গৃহত বিতৰণত সহযোগিতা আগবঢ়াই বটদ্ৰৱাৰ সাংবাদিক দিব্যজ্যোতি বৰুৱাই।
 
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.