দুটা ভাল খবৰ

1 309

সমগ্ৰ বিশ্বতে ক’ৰণা ভাইৰাছৰ বিভীষিকা অব্যাহত থকাৰ সময়তে গাহৰিও বিভিন্ন বেমাৰত মৃত্যু হোৱা দেখা গৈছে। গাহৰিৰ মৃত্যুৰ হাৰ যদিও ৰোধ কৰিব পৰা নাই তথাপিও গাহৰিৰ বংশ বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে আৰণ্যকে। পি এইচ চি পিৰ অধীনত পূৰ্বে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ কাষত থকা প্ৰাক মুক্তি কেন্দ্ৰত সংৰক্ষণ কৰি থোৱা ১৩০টা গাহৰি অলপতে মুকলি কৰি দিয়া হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ লগত  অসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া, বৈজ্ঞানিক, বন বিষয়া, আৰণ্যকৰ দুগৰাকী কাৰ্যবাহী বিষয়া জৰিত আছে।
 
 
 
 
আনহাতে ৰংগোলী প্ৰতিযোগিতাত ৰেকৰ্ড গঢ়িলে মাৰ্ঘেৰিটাৰ এগৰাকী বোৱাৰীয়ে। মাৰ্ঘেৰিটাৰ দীপিকা সিং নামৰ বোৱাৰী গৰাকীয়ে অসম বুক অৱ ৰেকৰ্ডচৰ জৰিয়তে সৰ্বপ্ৰথমে ৰেকৰ্ড গঢ়ে। ইয়াৰ পিছত ৱৰ্ল্ড জিনিয়াছ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয়। জানিব পৰা মতে দীপিকা সিঙে শৰাই, জাপি আৰু কপৌফুলক লৈ ১৯৬ স্কোৱাৰ ফিটত ৰংগোলী প্ৰস্তুত কৰিছিল। উল্লেখ্য যে দীপিকা সিঙে এখন ব্যক্তিগত খণ্ডৰ বিদ্যায়লত কৰ্মৰত হৈ আছে।

1 Comment
  1. Deepasree Das Sarkar says

    We are proud of Deepika Singh, She was our student, from the dept of English, Margherita College.I wish her allround success.

Leave A Reply

Your email address will not be published.