ডুবাই,লণ্ডন,হংকঙলৈ বিমান যোগে ৰপ্তানি হ’ল অসমৰ পাচলি

0 304

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী অতুল বৰা আৰু চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত থকা কাৰ্গো টাৰ্মিনেল চেণ্টাৰত কাৰ্গো বিমানেৰে ডুবাইলৈ ইয়াত উৎপাদিত হোৱা ৰঙালাউ ৰপ্তানিৰ ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে। আনহাতে বিমানবন্দৰত ঘৰুৱা বিমানেৰে আহ যাহ কৰা যাত্ৰী সকলৰ সকলো ধৰণৰ পৰীক্ষণ তথা ব্যৱস্থাৱলীৰ সন্দৰ্ভত বুজ লয়। সকলো পৰিদৰ্শন কৰাৰ পিছতেই উপস্থিত থকা সাংবাদিক সকলৰ সৈতে হোৱা কথা বতৰাত চৰকাৰে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা যাত্ৰী সকলৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা সকলোধৰণৰ পদক্ষেপৰ কথা কয়।
 
 
 
 
 
ইতিমধ্যে ঘৰুৱা বিমানৰ যোগে সৰ্বমুঠ ৩৪২১গৰাকী যাত্ৰী অসমলৈ অহাৰ লগতে সৰ্বমুঠ ১১৯০গৰাকী আন ৰাজ্যলৈ যোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বিমান বন্দৰত উপলব্ধ হোৱা ব্যৱস্থাৱলী সমূহত ৰাজ্যৰ স্বাস্থ্য বিভাগ, পৰিৱহণ বিভাগ, আৰক্ষী বাহিনী, কৰ বিভাগ আৰু আৱকাৰী বিভাগে চি আই এছ এফৰ লগত যৌথভাৱে কৰ্ম কৰি যোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ক’ভিড১৯ৰ এই পৰিস্থিতিতো অসম ৰাজ্যিক পৰিবহণ বিভাগে যেনেধৰণেৰে অহৰ্নিশে দায়িত্ব পালন কৰিছে তাৰ শলাগ জনায় মুখ্যমন্ত্ৰীয়ে।
 
 
 
মুখ্যমন্ত্ৰীয়ে আজিৰ পৰিদৰ্শন কালত বিমান বন্দৰত উপস্থিত থকা স্বাস্থ্য বিষয়া, স্বাস্থ্য কৰ্মী, চি আই এছ এফ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ বিষয়া কৰ্মচাৰী সকলৰ সৈতে মত বিনিময় কৰে।
 
 
 
অসমৰ কৃষকে উৎপাদন কৰা সামগ্ৰী সমূহ বিমান বন্দৰৰ কাৰ্গো টাৰ্মিনেল চেণ্টাৰৰ জৰিয়তে ডুবাই, আবুঢাবি, লণ্ডন, হংকং ছিংগাপুৰ ইত্যাদি বহুতো ঠাইৰ বজাৰ সমূহলৈ ৰপ্তানি কৰা হৈছে। আজিৰ পৰা ডুবাইলৈ অসমৰ ৰঙালাউ ৰপ্তানি কৰাৰ শুভাৰম্ভ কৰা হৈছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
 
 
 
 
ভাৰত চৰকাৰৰ সহযোগত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যৰ উদ্যোগ বিভাগৰ তৎপৰতাত কাৰ্গো টাৰ্মিনেল বিল্ডিঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এই কাৰ্গো ৱেৰ হাউচত ৫০মেট্ৰিকটন কৃষিজাত সামগ্ৰী মজুতৰ ব্যৱস্থা থাকিব । উল্লেখ্য যে এই বিমান বন্দৰৰ পৰা এতিয়ালৈকে ১৮২মেট্ৰিকটন শাক পাচলি আৰু ফলমূল ৰপ্তানি কৰা হৈছে।

Leave A Reply

Your email address will not be published.