ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা, কোনে কোনে লাভ কৰিলে প্ৰথম দশম স্থান

0 289

আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষা ২০২০বৰ্ষৰ ফলাফল। আজিৰ হাইস্কুল শাক্ষান্ত পৰীক্ষাৰ ফলাফলত সমগ্ৰ অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিছে দৰং জিলাৰ পদুম পুখুৰী হাইস্কুলৰ ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই। সৰ্বমুঠ ৫৯৫ নম্বৰ লাভ কৰিছে ছাত্ৰগৰাকীয়ে।হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৯৪নম্বৰেৰে দ্বিতীয় স্থান লাভ কৰিছে ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীৰ অলংকিতা গৌতম বৰুৱাই।
 
এইবাৰৰ ফলাফলত সৰ্বমুঠ তিনিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে।
নাযায়ণপূৰৰ জ্ঞান জোতি একাডেমীৰ দেৱীষ্মা প্ৰিয়া বৰা, শংকৰদেৱ শিশু বিদ্যা নিকেতন নলবাৰীৰ জ্যোতিষ্মান দেৱ শৰ্মা আৰু চেইণ্ট মেৰী স্কুল গুৱাহাটীৰ চাকি জি বুলতনে। তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ ৫৯১ নম্বৰ।
 
চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছে দুগৰাকীয়ে।
লিটিল ফ্লাৱাৰ স্কুল নলবাৰীৰ ছাত্ৰী নমস্যা ডেকা আৰু দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয়ৰ ছাত্ৰী হীয়াশ্ৰী শৰ্মাই। তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ ৫৯০ নম্বৰ। এইবাৰ পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হৈছে তিনিগৰাকী ছাত্ৰই। ডিব্ৰুগড়ৰ নীলমণি আদৰ্শ জাতীয় বিদ্যালয়ৰ মানস উত্তম নেওগ, উদয়ন শান্তি নিকেতন, বেজেৰাৰ অংকুৰজ্যোতি বেজবৰুৱা আৰু কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় নলবাৰীৰ হিৰক জ্যোতি বৈশ্যই। তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ ৫৮৯নম্বৰ।
 
ষষ্ঠ স্থান দখল কৰিছে চাৰি গৰাকীয়ে। বৰপেটাৰ মাৰিয়ান হাইস্কুলৰ হৰ্ষবৰ্ধন মহেশ্বৰী, গোলাঘাটৰ চেক্ৰেড হাৰ্ট হাইস্কুলৰ হৰিদ্ৰ বৰা, ফুলেশ্বৰী গাৰ্লছ হাইস্কুলৰ হিমাশ্ৰী বৰুৱা আৰু নাৰায়ণপূৰৰ জ্ঞানজ্যোতি একাডেমীৰ ৰনোজ জ্যোতি বৰুৱাই। সৰ্বমুঠ ৫৮৮নম্বৰেৰে স্থান লাভ কৰিছে তিনিওগৰাকীয়ে।
 
সপ্তম স্থান দখল কৰিছে দুগৰাকীয়ে। উত্তৰ লখিমপুৰৰ চেইণ্ট মেৰিছ হাইস্কুলৰ অভিলাসা দত্ত আৰু নগাওঁৰ চেইণ্ট এণ্টনী ইংলিছ স্কুলৰ জালক জালান। তেওঁলোকে লাভ কৰা সৰ্বমুঠ নম্বৰ ৫৮৭।
অষ্টম স্থান দখল কৰিছে পাঁচ গৰাকীয়ে। অনিশা ৰয় (হলি ক্ৰছ হায়াৰ চেকেণ্ডাৰী স্কুল, কাছাৰ), নিখিলেশ দত্ত (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), চিমৰণ বৰা (ব্ৰুক ফিল্ড স্কুল, লখিমপুৰ), অন্তৰিক্স হাজৰিকা (নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতন, শিৱসাগৰ) আৰু অন্বেষা চক্ৰৱৰ্তী (ডনবস্ক হাইস্কুল, দুমডুমা)ৰ পৰা। তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ ৫৮৬ নম্বৰ।
 
নৱম স্থান দখল কৰিছে ১১ গৰাকীয়ে। ভৃগু মোহন কুমাৰ(শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয়, দৰং), ৰাজদ্বীপ বৰুৱা (শংকৰদেৱ শিশু নিকেতন, কাকডোঙা), নিহাৰিকা ভৰালী(গোলাঘাট জাতীয় বিদ্যালয়),শিল্পী শিখা ডেকা (পলাশতল কাছমাৰী হাইস্কুল, নগাওঁ), মাছুম মেহতাব(শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), ইমন বৈশ্য (শংকৰদেৱ শিশু নিকেতন, বাহাৰঘাট, নলবাৰী), অভিনৱ গগৈ (চেইণ্ট জোচেফ হাইস্কুল, মৰাণহাত, শিৱসাগৰ), অবিনাশ কেউত (চেইণ্ট ষ্টিফেনছ হাইস্কুল, তিনিচুকীয়া), অনন্যা মেধি (অসম জাতীয় বিদ্যালয়, নুনমাটি) আৰু নিৰজ খেতন (হেপী চাইল্ড হাইস্কুল, গুৱাহাটী)।তেওঁলোকে সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰিছে।
 
দশম স্থান দখল কৰিছে ১১ গৰাকীয়ে। পুজা বেনাৰ্জী(শংকৰদেৱ শিশু নিকেতন, বৰপেটা),প্ৰেৰণা ডেকা (বঙাইগাঁও হাইস্কুল), পৰ্চা তচনিম বৰভূঞা (শিলচৰ কলেজিয়েট স্কুল), অনিন্দিতা কোঁৱৰ (চেইণ্ট জেভিয়াৰ স্কুল, ডিব্ৰুগড়), ভাৰ্গব জ্যোতি দাস (শংকৰদেৱ বিদ্যা নিকেতন, ৰামদিয়া), ডিৱিজ বিকাশ (চেইণ্ট মেৰিজ হাইস্কুল, উত্তৰ লখিমপুৰ),
অংকিতা দে (good Samaritan English high school, নগাওঁ), ঋত্বিকা কুমাৰ সূত (প্ৰাঞ্জল মেমৰিয়েল একাডেমী, নগাওঁ),শশাংক হালৈ (আনন্দ বিদ্যা নিকেতন, নলবাৰী) আৰু মিচবাহুল কৰিম (লিটল ষ্টাৰ স্কুল,শোণিতপুৰ)। তেওঁলোকে লাভ কৰিছে সৰ্বমুঠ ৫৮৪ নম্বৰ।
 
এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৩লাখ ৪২হাজাৰ ২২৪জন অৱতীৰ্ণ হৈছিল। সৰ্বমুঠ উত্তীৰ্ণৰ সংখ্যা ২লাখ ২১ হাজাৰ ৭৫৬ জন। মুঠ উত্তীৰ্ণৰ হাৰ ৬৪.৮০। ইয়াৰে ছাত্ৰ ৬৬.৯৩ আৰু ছাত্ৰী ৬২.৯১।
প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৪৮২৭৮গৰাকী। দ্বিতীয় বিভাগত ৭৭৮৫০ আৰু তৃতীয় বিভাগত ৯৫৮২৯ গৰাকী ছাত্ৰ ছাত্ৰী।

Leave A Reply

Your email address will not be published.