মহানগৰীত প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিছে

0 276

সমগ্ৰ ৰাজ্যজুৰি ক’ভিড১৯য়ে  ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ৰাজ্যৰ গুৱাহাটী মহানগৰীত হোৱা ভয়ংকৰ গণ সংক্ৰমণৰ কাৰণে দৈনিক অত্যাধিক ভাৱে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
 
 
স্মৰ্তব্য যে এই গণ সংক্ৰমণৰ কাৰণে সমগ্ৰ গুৱাহাটী মহানগৰীতে প্ৰশাসনে ঘোষণা কৰিছিল ১৪দিনীয়া লকডাউন। কিন্তু আজিৰে পৰা অহা ১২জুলাইলৈ প্ৰশাসনে মহানগৰীত আনলক ঘোষণা কৰিছে। আনলকৰ সময়ছোৱাত মহানগৰবাসীৰ বাবে প্ৰশাসনে পূৰ্বতকৈ কেতবোৰ কঠোৰ নতুন নীতি নিৰ্দেশনা বলৱৎ কৰিছে।
 
 
 
ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই যোৱা ৪জুলাইত মহানগৰীৰ আনলকৰ নতুন নীতি নিৰ্দেশনা সমূহ জাৰি কৰিছিল। কিন্তু সেই নিৰ্দেশনা সমূহৰ পুনৰ সংশোধন কৰি আজি সেই নিৰ্দেশনা সমূহৰ পুনৰ সংশোধন কৰি নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে।
(১) মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসমূহ গেলামালৰ দোকান ভিৰৰ মাজত নাই সেইসমূহ ৬জুলাইৰ পৰা ১০জুলাইলৈ পুৱা ১১বজাৰ পৰা বিয়লি ৪বজালৈকে খুলিব পাৰিব।
(২) গেলামাল দোকানৰ দোকানীসকলে আৰু দোকানলৈ সামগ্ৰী ক্ৰয় কৰিবলৈ যোৱা সকলো গ্ৰাহকে মুখত মাস্ক আৰু হাতত হেণ্ড গ্ল’ভছ পিন্ধাৰ লগতে দুয়োপক্ষই সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব।
(৩) মহানগৰীত খাদ্য সামগ্ৰীৰ যিসমূহ পাইকাৰী বিপণী আছে সেইসমূহ বিপণী ৫জুলাই আৰু ৭জুলাইত দুপৰীয়া ১২বজাৰ পৰা সন্ধিয়া ৬বজালৈ খুলিব পাৰিব।
(৪) ৬জুলাই আৰু ৮জুলাইত পুৱা ৮বজাৰ পৰা দুপৰীয়া ২বজালৈ মহানগৰীৰ ফল মূল আৰু শাক, পাচলি সমূহৰ হোম ডেলিভাৰী কৰিব পাৰিব।
(৫) ফল মূল, শাক পাচলি আৰু মাছৰ হোম ডেলিভাৰী কৰাৰ বিপৰীতে পথৰ দাঁতিত কোনো লোকে এইসমূহ বিক্ৰী কৰিব নোৱাৰিব।

Leave A Reply

Your email address will not be published.