বিশ্ব বক্সিঙত স্থান লাভ লাভলীনা আৰু যমুনাৰ

0 253

সমগ্ৰ ৰাজ্যতে ক’ৰণাৰ ভয়াৱহতা চলি থকাৰ মাজতে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ কাৰণে আছে এক সুখবৰ। ৰাজ্যবাসীৰ বাবে এই সুখবৰ কঢ়িয়াইছে ৰাজ্যৰ দুগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই আৰু যমুনা বড়োৱে।ইণ্টাৰনেচনেল বক্সিং এছ’চিয়েচনৰ শেহতীয়া ৰেংকৰ তালিকাত লাভলীনা বৰগোঁহায়ে ৬৯ কেজি এলিট মহিলা শাখাত তৃতীয় স্থান আৰু যমুনা বড়োৱে ৫৪ কেজি এলিট মহিলা শাখাত পঞ্চম স্থান লাভ কৰে।
 
 
উল্লেখযোগ্য যে গুৱাহাটীত অনুষ্ঠিত হোৱা ইণ্টাৰনেচনেল বক্সিং এচ’ছিয়েশ্যনৰ ইণ্টাৰনেচনেল ইণ্ডিয়া অপেনতো দুইগৰাকী মহিলা বক্সাৰে সফল হৈছিল। শেহতীয়া ভাৱে জৰ্দানত অনুষ্ঠিত হোৱা অলিম্পিক গেমছৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল লাভলীনা বৰগোঁহায়ে। ইয়াৰ জৰিয়তে লাভলীনাই টকিঅ’ অলিম্পিকলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰিছে।

Leave A Reply

Your email address will not be published.