বৈদ্যুতিকীকৰণৰ দিশত আগুৱালে উত্তৰ পূৱ সীমান্ত ৰেলৱে

0 226

দেশৰ আন ৰেল সংমণ্ডলৰ লগতে উত্তৰ পূৱ সীমান্ত ৰে’লৱে কৰ্তৃপক্ষইয়ো পৰিৱেশ সংৰক্ষণ আৰু সূচল গতিবেগত অহা যোৱা কৰাৰ লক্ষ্যৰে বঙাইগাঁও ৰঙিয়া হৈ গুৱাহাটীলৈ ৰেল লাইনৰ বৈদ্যুতিকীকৰণৰ কাম কৰি আছে। অসমৰ বৰপেটা জিলাৰ সৰুপেটা পৰ্যন্ত বৈদ্যুতিকীকৰণৰ কাম সম্পন্ন হৈছে।
 
 
 
অৱশ্যে মাৰ্চ মাহৰ শেষ সপ্তাহৰ পৰা ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে চলি থকা লকডাউনৰ বাবে বৈদ্যুতিকীকৰণৰ কাম বহুখিনি লেহেমীয়া হৈ পৰিছে। ইফালে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দ্ৰই জানিবলৈ দিয়া মতে গুৱাহাটী আৰু দিল্লীৰ মাজত চলাচল কৰা ০৫৯৫৬দিল্লী গুৱাহাটী বিশেষ ব্ৰহ্মপুত্ৰ মেইলখন ৫জুলাইৰ নিশা ১১.৪০বজাত সম্পূৰ্ণ বৈদ্যুতিক ইঞ্জিনেৰে নিউ জলপাইগুৰিলৈ আহে।
 
লকডাউনৰ সময়ছোৱাত উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ পৰিসৰৰ ভিতৰত বিদ্যুৎ চালিত ইঞ্জিনেৰে চলাচল কৰা এইখনেই প্ৰথম যাত্ৰীবাহী ৰেল। ইয়াৰ পিছতে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ পৰিসৰৰ ভিতৰত নিউ জলপাইগুৰি হাওৰা শতাব্দী এক্সপ্ৰেছ আৰু নিউ জলপাইগুৰি মালডা টাউন পেচেঞ্জাৰ এই দুখন ৰেল বিদ্যুৎ চালিত ইঞ্জিনেৰে চলাচল কৰি আছে।
 
মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰা অনুসৰি নিউ জলপাইগুৰি আৰু পণ্ডিত দীনদয়াল উপাধ্যায় মাজত বৈদ্যুতিকীকৰণৰ কাৰ্য সম্পন্ন হোৱাৰ পিছতে উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ইন্ধনৰ ক্ষেত্ৰত বছৰি ২০.৪কোটি টকা ৰাহি হ’ব লগতে পৰিবেশ সংৰক্ষণ আৰু ৰেলৰ গতিবেগ বৃদ্ধি পাব।

Leave A Reply

Your email address will not be published.