সাচতীয়া ধনেৰে পথ নিৰ্মাণ কৰিলে এজন যুৱকে

0 274

সাচতীয়া ধনেৰে পথ নিৰ্মাণ কৰি চৰ্চালৈ আহিছে এজন যুৱক। যুৱকজনৰ নাম লাচিত গগৈ। ঘৰ সাপেখাতীৰ আটাল পথাৰ গাঁৱত। বিভাগীয় কৰ্তৃপক্ষই কৰিব নোৱাৰা কাম কৰি দেখুৱালে এই যুৱকজনে৷
 
 
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি সাপেখাতী ৰেল ষ্টেচনলৈ অহা যোৱা কৰোতে স্থানীয় লোকে বহুখিনি সমস্যা পাইছিল। কিয়নো মূল পথৰ কালভাৰ্ট ভঙা আছিল। এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও কোনোধৰণৰ ফল নধৰিল।
 
 
অৱশেষত এই মূল পথটোৰ বিধ্বস্ত ৰূপ দেখি অঞ্চলটোৰ সচেতন যুৱক লাচিত গগৈয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰে। নিজৰ গাঁঠিৰ ধন ভাঙি মূল পথটোত দুটা কালভাৰ্ট আৰু পথৰ মাজৰ পুখুৰী সদৃশ বৃহৎ গাঁত সমূহত শিল দি পেলাই পথটো নিৰ্মাণ কৰি তোলে। ইয়াৰ ফলত স্থানীয় ৰাইজৰ অহা যোৱা কৰাৰ ক্ষেত্ৰত পোৱা সমস্যা সমূহ সমাধান হৈ উঠে। যুৱকজনৰ এই কৰ্মক সকলোৱে প্ৰশংসা কৰিছে ৷

Leave A Reply

Your email address will not be published.