অসম সন্তান গৌৰাংগ লাল দাসৰ সাফল্য

0 273

ক’ৰণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে নামনি অসমৰ বৰপেটা জিলাৰ এগৰাকী সুযোগ্য সন্তান গৌৰাংগলাল দাসে সমগ্ৰ দেশৰ লগতে অসমলৈ কঢ়িয়াই আনিছে। বৰপেটাৰ এই গৰাকী সুযোগ্য সন্তানক টাইৱানত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি লাভ কৰিছে। স্মৰ্তব্য যে সম্প্ৰতি আমেৰিকাস্থিত ভাৰতীয় দূতবাসত যুটীয়া সচিব হিচাপে তেখেতে কৰ্মৰত হৈ আছে।
 
 
 
স্মৰ্তব্য যে গৌৰাংগলাল দাসে অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ দেশ বিদেশত প্ৰতিষ্ঠা লাভ কৰি জীৱনত অগ্ৰসৰ হৈ পৰিছিল।
 
 
উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত এগৰাকী বৈদেশিক সেৱাৰ বিষয়া হিচাপে কৰ্মৰত হৈ আছিল গৌৰাংগ লাল দাস। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা সময়ছোৱাত যেতিয়া দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা ভ্ৰমণ কৰিবলৈ গৈছিল সেই সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ হোৱা আলোচনা কালত মধ্যমণি হৈ উজলি উঠিছিল গৌৰাংগ লাল দাস।অসম সন্তান গৰাকীৰ এই সাফল্যত তেখেতৰ গৃহ জিলা বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যবাসী আনন্দিত হৈ উঠিছে।

Leave A Reply

Your email address will not be published.