হিম মানৱৰ এলেকাক লৈ সমস্যাত ভূটানবাসী,হিম মানৱ আজিও আছে নে

0 228

কিছু বছৰৰ আগতে মেঘালয় গাৰো পাহাৰত কেইজনমান ব্যক্তিয়ে আধা মানুহ আৰু আধা গৰিলা টাইপৰ জন্তু দেখি আচৰিত হৈছিল। ঠিক একে সময়তে ভাৰতীয় সেনাই ট্ৰেকিঙত যাওতে বিশালকায় পদচিহ্ন দেখা পাইছিল।বৰফৰ শুভ্ৰ দলিচাত মানুহৰ খোজৰ ধৰণৰ পদচিহ্ন কি আছিল সেয়া সঠিকভাৱে জনা নগ’ল।একাংশই এই বিশেষ জন্তুবিধক  হনুমানৰ বংশধৰ বুলি মন্তব্য কৰিছে।জন্তুবিধ যিয়েই নহওক কিয় ভাৰতত হিম মানৱ বা য়েতে বুলি জনা যায়।
 
 
 
 
অলপতে নেপাল আৰু ভুটানৰ সমীপৱৰ্তী ঠাইত হিমমানৱ পোৱা গৈছে বুলি ভাৰতীয় মিডিয়াত প্ৰকাশ পাইছে। আচলতে এই হিমমানৱ কি?
 
 
 
 
এই হিম মানৱ হ’ল বান্দৰ আৰু মানুহৰ সংমিশ্ৰণৰ একোটা জীৱ। হিম মানৱক লৈ বিভিন্ন পৌৰাণিক কাহিনী জড়িত হৈ আছে। আনকি হিম মানৱক লৈ বিভিন্ন চিনেমাও প্ৰস্তুত হৈছে।
 
 
 
 
আনহাতে নেপালৰ মাকালু পৰ্বতৰ ট্ৰেকিঙৰ বাবে যোৱা ভাৰতীয় সেনাই হিম মানৱৰ পদচিহ্ন প্ৰত্যক্ষ কৰিছে। এই ছবি  সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ হোৱাৰ পিছত বহুতো ট্ৰ’লৰ সন্মুখীন হ’ব লগা হৈছে। হিম মানৱ হ’ল এনে এবিধ জীৱ যাৰ সমস্ত শৰীৰ নোমেৰে আবৃত হোৱাৰ লগতে ৭ পৰা ৯ ফুট উচ্চতা পৰ্যন্ত ওখ হয়।
 
 
 
 
মুখাৱয়ৱ দেখাত গৰিলা অথবা বান্দৰৰ দৰে হয় যদিও মানুহৰ নিচিনাকৈ দুটা ভৰিৰে খোজ চলায়। অৱশ্যে হিম মানৱৰ পদচিহ্ন ৩২ইঞ্চি পৰ্যন্ত হয়। ঠাৱৰ কৰা হৈছে হিম মানৱৰ ওজন প্ৰায় ২০০কেজি মান হ’ব। একাংশ বিজ্ঞানীয়ে হিম মানৱক প’লাৰ বিয়েৰ বুলি ক’ব বিচাৰিছে। হিম মানৱে ৰাতি চিকাৰ কৰে আৰু দিনত শুৱে। পাহাৰীয়া জীৱ জন্তুক হিম মানৱে ভক্ষণ কৰে। এই সম্পৰ্কে নেচনেল জিয়’গ্ৰাফী আৰু ডিস্ক’ভাৰী চেনেলত সবিস্তাৰে সম্প্ৰচাৰিত হৈছে।
 
 
প্ৰত্যক্ষদৰ্শীৰ মতে হিম মানৱক হিমালয়ৰ দুৰ্গম অঞ্চলত দেখা যায়। আমেৰিকাত হিম মানৱক বিগফুট, অষ্ট্ৰেলিয়াত ইউবে, নেপাল আৰু ভাৰতত য়েতে নামেৰে জনা যায়। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে পাকিস্তান, ৰাছিয়া আৰু চীনত হিম মানৱ পোৱা যায়।
 
 
 
 
আনহাতে মেঘালয়ৰ গাৰো পাহাৰ আৰু অৰুণাচলত হিম মানৱৰ অৱস্থিতি পোৱা যায় বুলি জানিব পৰা গৈছে। ২০০৮চনত মেঘালয়ৰ গাৰো পাহাৰতো হিমমানৱক দেখা পোৱা গৈছিল। বহুতে ক’ব খোজে হিমমানৱ ১৭ শতিকাৰে আৰু বৰফৰ গুহাত থাকে।
 
 
 
অতিশয় ঠাণ্ডাত হিমমানৱে জীৱন যাপন কৰিব পাৰে। এই হিমমানৱৰ প্ৰসংগ উত্থাপিত হৈছে টাৱাঙৰ পৰা গুৱাহাটী হৈ ভূটান সংযোগী এক পথৰ ব্যৱস্থা কৰাৰ সম্পৰ্কত।
 
 
 
 
ভূটানত হিম মানৱৰ বাবে এটা বিশেষ অঞ্চল আছে। যাক লৈ আজিও বৰ্তি আছে বিভিন্ন ঐতিহাসিক কাহিনী। হিম মানৱ কি? জীৱনপ্ৰণালী কেনেকুৱা? এই সম্পৰ্কে বিশেষজ্ঞসকলে সঠিকভাৱে ব্যক্ত কৰিব নোৱাৰিলেও হিম মানৱ যে আছে এই কথা নুই কৰিব নোৱাৰি।

Leave A Reply

Your email address will not be published.