গড়চুক থানাত নাগৰিক সজাগতা সভা অনুষ্ঠিত

0 261

স্বাধীনতা দিৱসলৈ মাজত মাত্র চাৰিদিনমান বাকী থকা অৱস্থাত ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো অনুষ্টুপীয়াকৈ হ’লেও স্বাধীনতা দিৱসৰ কাৰ্যসূচী পালন কৰিবলৈ তৎপৰতা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে। সমান্তৰালভাৱে স্বাধীনতা দিৱসৰ গইনা লৈ কোনো উগ্ৰপন্থী সংগঠনে যাতে কুটাঘাটমূলক কাৰ্যকলাপ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে অসম আৰক্ষীয়ে বিশেষ ব্যৱস্থা আৰম্ভ কৰিছে ।
 
 
ইয়াৰ অংশ হিচাপে আজি মহানগৰীৰ গড়চুক থানাত এখন নাগৰিক সজাগতা সভা অনুষ্ঠিত হয় । গড়চুক থানাৰ নাগৰিক কমিটিৰ সভাপতি ব্ৰজেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত থানা এলেকাৰ নাগৰিক কমিটি সমূহৰ প্ৰায় ৩০ জন কৰ্মকর্তা সদস্য উপস্থিত থাকে ।
 
 
আনহাতে সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ মহানগৰ আৰক্ষীৰ গুৱাহাটী পশ্চিম জিলাৰ উপ আৰক্ষী আয়ুক্ত নীলেশ চাভাৰকাৰে ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কেনে ধৰণে স্বাধীনতা দিৱস উদযাপন কৰিব তাৰ বাখ্যা আগবঢ়াই আৰু কোনো উগ্ৰপন্থী সংগঠনৰ সদস্যই যাতে কুটাঘাটমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা অৱলম্বন সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।
 
সভাত অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সুপ্ৰতিভ লাল বৰুৱা , আজাৰা সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত নন্দিনী কাকতি , গড়চুক থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰেন্দ্ৰ নাথ কলিতাকে ধৰি কেইবাজনো আৰক্ষী বিষয়া উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.