টীয়কৰ ভগামুখৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য্য

টীয়কৰ ভগামুখৰ একাংশ যুৱকৰ প্ৰশংসনীয় কাৰ্য্য

টীয়কৰ ভগামুখ চাৰিঙীয়াৰ পৱন শৰ্মা নামৰ অতি দৰিদ্ৰ এটা পৰিয়ালৰ জৰাজীৰ্ণ গৃহটো অঞ্চলটোৰ একাংশ যুৱক সমবেত হৈ মেৰামতিৰ ব্যৱস্থা কৰিছে।

 

 

এক দুৰ্ঘটনাত পতিত হৈ দুৰ্ভগীয়া জীৱন কটোৱা পৱন শৰ্মাই শাৰীৰিক অক্ষমতাৰ বাবে কোনো কামেই কৰিব নোৱাৰা হ’ল । পত্নীৰে সৈতে নিসন্তান দম্পতিয়ে এটা জৰাজীৰ্ণ ঘৰত জীৱন যাপনৰ এই দুৰ্বিসহ ছবি দেখি অঞ্চলটোৰ একাংশ যুৱকে দান বৰঙণি সংগ্ৰহ কৰি,আৰু নিজৰ জেপৰ ধন খৰচ কৰি জৰাজীৰ্ণ ঘৰটো মেৰামতিৰ ব্যৱস্থা কৰি দিয়া কাৰ্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে।

 

 

বহু সময়ত বৰ্তমান বিশেষকৈ যুৱ সমাজ মানৱতাৰ বধ্য ভূমিলৈ পৰ্যবসিত হোৱা বুলি চৰ্চা লাভ কৰাৰ সময়ত ভগামুখ অঞ্চলৰ এইসকল যুৱকৰ এনে প্ৰয়াস সঁচাকৈয়ে আদৰণীয়।এই ক্ষেত্ৰত যোৰহাট জিলাৰ অগপৰ সম্পাদক বিকাশ শইকীয়া,জিলা পৰিষদৰ সদস্য, ভগামুখ পঞ্চায়তৰ সভানেত্ৰী, কলিয়াপানী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীকে ধৰি বহু শুভাকাংক্ষীয়ে বিশেষভাৱে সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোৰে ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে বুলি যুৱকসকলে মন্তব্য কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

ADVERTISEMENT

Related Posts

১০০০তকৈও অধিক অফাৰৰ সৈতে এইচডিএফচি বেংকে মুকলি কৰিলে ফেষ্টিভ ট্ৰীটছ ২.০

প্ৰথম সংস্কৰণ অভূতপূৰ্ব সফলতা পিছত এইচডিএফচি বেংকে আজি মুকলি কৰিছে বিত্তীয় বাৰ্ষিক সেৱা অফাৰ ফেষ্টিত ট্ৰিটছ ২.০ । ইয়াতে সংযোজিত...

Read more
ADVERTISEMENT