প্ৰদীপ চেতিয়া ফুকনলৈ যাদুৰত্ন সন্মান

0 248

অসমৰ অতি প্ৰাচীন শিল্প যাদু শিল্পৰ উন্নতি ,প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চলাই অহা নিৰৱছিন্ন চেষ্টাৰ বাবে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ বিশিষ্ট যাদুকৰ তথা অসম মেজিক চাৰ্কোলৰ সভাপতি প্ৰদীপ চেতিয়া ফুকনক যোৱা ১০ আগষ্টত হৈ যোৱা “অসম যাদু দিৱসৰ দিনা যাদু ৰত্ন উপাধিৰে বিভুষিত কৰিছে। অসমৰ একমাত্ৰ চৰকাৰী পঞ্জীয়নপ্ৰাপ্ত যাদু শিক্ষা প্ৰতিষ্ঠান গুৱাহাটীৰ গুৰুকুল মেজিক একাডেমি এণ্ড ৰিচাৰ্ছ চেন্টাৰ আৰু মায়া স্কুল অ’ফ মেজিকৰ অধ্যক্ষ যাদু সম্ৰাট বিক্ৰম তালুকদাৰে অসমৰ যাদু জগতৰ আটাইতকৈ সন্মানীয় সন্মান যাদু ৰত্ন সন্মান প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷
খবৰ যুগুতালে সোণাৰিৰপৰা অভিজিৎ ভূঞাই..
 
উল্লেখ যোগ্য যে যাদু জগতত সুদীৰ্ঘ বত্ৰিশ বছৰত অসমৰ লুপ্ত প্ৰায় যাদু শিল্প টিক জীয়াই ৰাখিবলৈ আৰু নৱ প্ৰজন্মক যাদুৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে সমাজত চলি থকা অন্ধ বিশ্বাস দূৰ কৰিবলৈ বিভিন্ন কাকত আলোচনীত যাদুৰ ওপৰত ব্যতিক্ৰমী ধৰ্মী লিখা মেলাৰ লগতে যাদু শিল্পৰ প্ৰচাৰৰ বাবে অসমৰ বিভিন্ন অঞ্চলত যাদুৰ কৰ্মশালা পাতি নৱ প্ৰজন্মক যাদুৰ প্ৰতি আকৰ্ষিত কৰাৰ অনবদ্য অৱদানৰ বাবে বিশিষ্ট যাদু শিল্পী প্ৰদীপ চেতিয়া ফুকনক এই যাদু ৰত্ন প্ৰদান কৰে ৷ উল্লেখযোগ্য যে যাদু শিল্পী গৰাকীৰ জীয়ৰী শিশু যাদুশিল্পী বৃষ্টি বন্যাই ও বিগত সময়ত যাদু কুঁৱৰীৰ সন্মান লাভ কৰিছিল৷
 
 
চৰাইদেউৰ সদৰ সোণাৰিৰ বাসিন্দা প্ৰদীপ চেতিয়া ফুকন অসমৰ বিশিষ্ট সাহিত্যিক কবিতা কোৱঁৰ অম্বেশ্বৰ চেতিয়া ফুকনৰ কনিষ্ঠ পুত্ৰ ৷

Leave A Reply

Your email address will not be published.